মুখ্যপৃষ্ঠা »খবৰ »অসম »সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বৰপেটাৰ জগন্নাথ বায়নৰ ইহলীলা সম্বৰণ

সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বৰপেটাৰ জগন্নাথ বায়নৰ ইহলীলা সম্বৰণ

খোল বাদ্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতিস্বৰূপে সংগীত নাটক একাডেমীয়ে ২০১৭ বৰ্ষৰ একাডেমী বঁটা আগবঢ়াইছিল বিশিষ্ট শিল্পীগৰাকীক। 

খোল বাদ্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতিস্বৰূপে সংগীত নাটক একাডেমীয়ে ২০১৭ বৰ্ষৰ একাডেমী বঁটা আগবঢ়াইছিল বিশিষ্ট শিল্পীগৰাকীক। 

  • Share this:

সত্ৰনগৰী বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়নৰ দেহাৱসান ৷ আজি সন্ধিয়া প্ৰায় ৮ বাজি ২০ মিনিটত শিল্পীগৰাকীৰ দেহাৱসান ঘটে ৷
অসমৰ পৰম্পৰাগত খোল বাদ্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতিস্বৰূপে সংগীত নাটক একাডেমীয়ে ২০১৭ বৰ্ষৰ একাডেমী বঁটা আগবঢ়াইছিল বিশিষ্ট শিল্পীগৰাকীক।


শিল্পীগৰাকীৰ মৃত্যুৰ বাতৰিয়ে সত্ৰনগৰী বৰপেটাৰ লগতে ৰাজ্যত গভীৰ শোক পেলাইছে ৷
সত্ৰীয়া শিল্পীগৰাকী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগৰ বাবে শয্যাশায়ী হৈ আছিল ৷ ১৯২৫ চনৰ ৩ মে'ত সত্ৰনগৰী বৰপেটাৰ কুজীৰদ' হাটীৰ এটা সত্ৰীয়া সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জগন্নাথ বায়নে ৷


বৰপেটা সত্ৰৰ দৈনন্দিন সেৱায়িত কাৰ্যৰ সৈতে জড়িত জগন্নাথ বায়নে খোলটোকেই সংগী কৰি সত্ৰনগৰী বৰপেটাৰ পৰা আৰম্ভ কৰিছিল বিশ্বমুখী যাত্ৰা৷ বৰপেটা সত্ৰৰ সত্ৰীয়া পৰম্পৰাক জীয়াই ৰখাৰ কামত ব্ৰতী হৈ অহা শিল্পীগৰাকীয়ে গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰতে  ওৰেটো জীৱন উছৰ্গা কৰি আহিছিল ৷ শিল্পীগৰাকী মৃত্যুৰ বাতৰি পোৱাৰ পিছতেই সত্ৰনগৰী বৰপেটাত শোকৰ ছাঁ পৰিছে ৷  শিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, তিনি পুত্ৰ আৰু চাৰিগৰাকী জীয়ৰীৰ সৈতে বহু আত্মীয় আৰু অনেক গুণমুগ্ধক এৰি থৈ যায় ৷


শিল্পীগৰাকীৰ মৃত্যুত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা, ডেকাসত্ৰীয়া গৌতম পাঠক, বৰপেটা সত্ৰ পৰিচালনা সমিতি, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী, বৰপেটা সাহিত্য সভা, একাডেমী অৱ খোলবাদ্যৰ গুৰু মনোজ কুমাৰ দাস, বৰপেটা ছাত্ৰ সন্থা আদি বিভিন্ন দল–সংগঠনে শোক প্ৰকাশ কৰিছে ৷

শেহতীয়া বাতৰি