உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সংগীতনাটক অকাডেমি বঁটাপ্ৰাপক বৰপেটাৰ জগন্নাথ বায়ন অসুস্থ

    সংগীতনাটক অকাডেমি বঁটাপ্ৰাপক বৰপেটাৰ জগন্নাথ বায়ন অসুস্থ

    জগন্নাথ বায়নে খোলটোকেই সংগী কৰি সত্ৰনগৰী বৰপেটাৰ পৰা আৰম্ভ কৰিছিল বিশ্বমুখী যাত্ৰা ৷ 

    জগন্নাথ বায়নে খোলটোকেই সংগী কৰি সত্ৰনগৰী বৰপেটাৰ পৰা আৰম্ভ কৰিছিল বিশ্বমুখী যাত্ৰা ৷ 

    জগন্নাথ বায়নে খোলটোকেই সংগী কৰি সত্ৰনগৰী বৰপেটাৰ পৰা আৰম্ভ কৰিছিল বিশ্বমুখী যাত্ৰা ৷ 

    • Share this:

    সত্ৰনগৰী বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী, সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক জগন্নাথ বায়ন স্বাস্থ্যজনিত অসুস্থতাত ভোগাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ অসমৰ পৰম্পৰাগত খোল বাদ্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতিস্বৰূপে বিশিষ্ট শিল্পীগৰাকীক সংগীত নাটক অকাডেমিয়ে ২০১৭ বৰ্ষৰ অকাডেমি বঁটা আগবঢ়াইছিল ৷


    শিল্পীগৰাকীৰ অসুস্থতাৰ বাতৰিয়ে সত্ৰনগৰী বৰপেটাৰ লগতে ৰাজ্যৰ সত্ৰীয়া সংগীতশিল্পীসকলক উদ্বিগ্ন কৰি তুলিছে ৷ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে সোমবাৰে সন্ধিয়া সত্ৰীয়া শিল্পীগৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।


    শিল্পীগৰাকীৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে তেওঁক ততালিকে আই চি ইউত ভৰ্তি কৰোৱাৰ লগতে পৰৱৰ্তী চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ ১৯২৫ চনৰ ৩ মে'ত সত্ৰনগৰী বৰপেটাৰ এটা সত্ৰীয়া সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জগন্নাথ বায়নে ৷


    বৰপেটা সত্ৰৰ সেৱায়িত কাৰ্যৰ সৈতে জড়িত জগন্নাথ বায়নে খোলটোকেই সংগী কৰি সত্ৰনগৰী বৰপেটাৰ পৰা আৰম্ভ কৰিছিল বিশ্বমুখী যাত্ৰা ৷ শিল্পীগৰাকী অসুস্থ হোৱাৰ বাতৰি পোৱাৰ পিছতেই বহু শিল্পী, কলাকুশলী আৰু অনুৰাগীয়ে শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ৷

    Published by:Gautam Barman
    First published: