সংগীত–নাটক অকাডেমী অমৃত বঁটাৰ বাবে নিৰ্বাচিত হৈছে বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ ওজা৷ সত্ৰীয়া ওজাপালি তথা ব্যাস কীৰ্তনৰ বাবে বিশিষ্ট সত্ৰীয়া সাধকগৰাকীক সংগীত নাটক অকাডেমী অমৃত বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷
বিশিষ্ট ওজাপালি শিল্পী গুৰুপ্ৰসাদ ওজা সৰুৰে পৰাই বৰপেটা সত্ৰৰ সেৱায়িত কাৰ্যৰ সৈতে জড়িত হৈ আহিছে৷
সত্ৰনগৰী বৰপেটাৰ দুগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক দেশৰ সন্মানজনক সংগীত–নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে আনন্দিত কৰি তুলিছে বৰপেটাবাসীক৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|