গুৱাহাটীত বাজাজ ফাইনেন্সত কৰ্মৰত সন্দীপ ভূঞাৰ হত্যাকাণ্ড সন্দর্ভত আৰক্ষীয়ে আজি আটক কৰে সন্দীপৰ প্ৰেয়সীক। গুৱাহাটীৰ পল্টনবজাৰৰ পৰা যুৱতীগৰাকীক আটক কৰে আৰক্ষীয়ে আৰু আজিয়েই মেঘালয় আৰক্ষীক গতাই দিয়ে।
উল্লেখ্য ২০ নৱেম্বৰৰ পৰা সন্ধানহীন আছিল মাজুলীৰ সন্দীপ ভূঞা। পৰিয়ালৰ বিচাৰ-খোঁচাৰৰ পিছতো সন্ধান পোৱা নাছিল সন্দীপৰ। কিন্তু ২১ নৱেম্বৰত মেঘালয়ৰ ৰি ভোই জিলাৰ পাহামলাং গাঁৱৰ পৰা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। আৰু এয়া সন্দীপ ভূঞা বুলি মেঘালয় আৰক্ষীয়ে ২৪ নৱেম্বৰত জনায়।
সন্দীপৰ পৰিচয় জানিব পৰা নোযোৱাত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নংপোহ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু মৰ্গত ৰখা হয়। মৃত সন্দীপৰ দেহত পোৱা গৈছিল আঘাতৰ চিহ্ন। প্ৰাথমিক অনুসন্ধানত এয়া হত্যাকাণ্ড বুলি নিশ্চিত হয় আৰক্ষী। কিন্তু এই ঘটনাই পৰিয়ালৰ লগতে নিজ জিলা মাজুলীতো চাঞ্চল্যৰ সৃষ্টি কৰে।
মেঘালয় আৰক্ষীয়ে হত্যাকাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰি তথ্য উদ্ধাৰ কৰে যে সন্দীপৰ প্ৰেমৰ সম্পৰ্ক আছিল মেঘালয়ৰ যুৱতীৰে। স্বাভাৱিকতে সন্ধানহীন হোৱাৰ দিনাও প্ৰেমিকাৰ স'তে কথা-বতৰা হৈছিল সন্দীপৰ। যুৱতীগৰাকীৰ পম খেদি আজি গুৱাহাটীৰ পল্টন বজাৰত আটক কৰা হয় তেওঁৰ প্ৰেমিকাক।
সন্দীপ নিৰুদ্দেশ হোৱাৰ পিছতে অৱশ্যে প্ৰেমিকাই ফেচবুকযোগে এই বিষয়ে অৱগত কৰিছিল আৰু সন্ধান পালে খবৰ দিবলৈ কৈছিল। কিন্তু গুৱাহাটীত কৰ্মৰত সন্দীপৰ মৃতদেহ মেঘালয়ত উদ্ধাৰ হোৱা ঘটনাই প্ৰেমিকাৰ প্ৰতিও সন্দেহৰ আঙুলি টোৱায়। জানিব পৰা মতে, সন্দীপৰ লগত বহুখিনি টকা আছিল। তেওঁৰ ম'বাইলটোও এতিয়ালৈ উদ্ধাৰ হোৱা নাই।
আনহাতে ডিঙিত ৰছী লগাই হত্যা কৰা হৈছিল সন্দীপক। ক্ৰমশঃ অপৰাধ মহানগৰীলৈ পৰ্যবসিত হোৱা গুৱাহাটী মহানগৰতো এই হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ মেঘালয়ত পেলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়া যিয়েই নহওক, এগৰাকী চফল ডেকাৰ ৰহস্যজনক হত্যাকাণ্ডৰ ৰহস্য ফাদিল হোৱাটো বিচাৰিছে পৰিয়ালৰ লগতে ৰাজ্যবাসীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|