• Home
  • »
  • News
  • »
  • assam
  • »
  • Sand Syndicate : হোজাইৰ মাজেৰে চলি আছে পশ্চিম কাৰ্বি আংলঙৰ বালি ছিণ্ডিকেট, নীৰৱ দৰ্শকৰ ভূমিকাত পৰিবহন, বন বিভাগ

Sand Syndicate : হোজাইৰ মাজেৰে চলি আছে পশ্চিম কাৰ্বি আংলঙৰ বালি ছিণ্ডিকেট, নীৰৱ দৰ্শকৰ ভূমিকাত পৰিবহন, বন বিভাগ

 বৈঠালাংছ' অঞ্চলৰ পৰা আহৰণ কৰা বালি ট্ৰাক আৰু ডাম্পাৰৰ জৰিয়তে টুমপ্ৰেঙ হৈ হোজাই জিলাত কৰে প্ৰৱেশ

 বৈঠালাংছ' অঞ্চলৰ পৰা আহৰণ কৰা বালি ট্ৰাক আৰু ডাম্পাৰৰ জৰিয়তে টুমপ্ৰেঙ হৈ হোজাই জিলাত কৰে প্ৰৱেশ

 বৈঠালাংছ' অঞ্চলৰ পৰা আহৰণ কৰা বালি ট্ৰাক আৰু ডাম্পাৰৰ জৰিয়তে টুমপ্ৰেঙ হৈ হোজাই জিলাত কৰে প্ৰৱেশ

  • Share this:
বানে ধোঁৱা হোজাইত পানী শুকোৱাৰ লগে লগে সন্ত্ৰাস আৰম্ভ হৈছে বালি মাফিয়াৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ বালি  মাফিয়াই হোজাইৰ মাজেৰে চলাই আছে বালিৰ চোৰাং বেহা তথা ছিণ্ডিকেট।

বালিৰ চোৰাং বেহা চলোৱা চক্ৰটোৱে দৈনিক  ট্ৰাক আৰু ডাম্পাৰেৰে অবৈধভাৱে হোজাইৰ মাজেৰে আন আন জিলালৈ  সৰবৰাহ কৰি আছে চোৰাং বালি। হোজাইৰ মাজেৰে পুৱাৰ পৰা নিশালৈকে শাৰী শাৰী বালিভৰ্তি ট্ৰাক-ডাম্পাৰৰ চলাচল হৈ থকাত দুৰ্ভোগ  ভুগিছে পথচাৰীও।

জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলং জিলাৰ জনৈক পংকজ নামৰ বালি মাফিয়াই  বন বিভাগক মেনেজ কৰি আহৰণ  কৰা  অবৈধ বালি প্ৰতিদিনে কেইবাখনো ট্ৰাক আৰু ডাম্পাৰৰ জৰিয়তে হোজাইৰ মাজেৰে  আন আন জিলালৈ কৰে প্ৰেৰণ।

বৈঠালাংছ' অঞ্চলৰ পৰা আহৰণ কৰা বালি ট্ৰাক আৰু ডাম্পাৰৰ জৰিয়তে টুমপ্ৰেঙ হৈ হোজাই জিলাত কৰে প্ৰৱেশ। গাড়ীবোৰ অহাৰ সময়ত টুমপ্ৰেঙত থকা বন বিভাগৰ বিট কাৰ্যালয় আৰু হোজাইৰ কোমৰাকটা বিট কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰতি গাড়ীৰ বাবদ কমিচন দিয়াৰ ফলত বন বিভাগে অবৈধ বালি কঢ়িওৱা গাড়ীবোৰ নধৰাৰ আছে অভিযোগ।

বাধাবিহীনভাৱে হোজাইত প্ৰৱেশ কৰা চোৰাং বালি কঢ়িওৱা গাড়ীবোৰ নিতৌ দক্ষিণ নগাঁও বন সংমণ্ডলৰ কাৰ্যালয়, হোজাইৰ বন সুৰক্ষা বাহিনী, কপিলী ভেলী ৰেঞ্জৰ  সন্মুখৰ পৰা পাৰ হৈ যোৱাৰ পিছতো নীৰৱ  দৰ্শকৰ ভূমিকা পালন কৰা  ডি এফ অ' ,কপিলী ভেলীৰ ৰেঞ্জাৰ, বন সুৰক্ষা বাহিনীৰ ৰেঞ্জাৰ আদিক ৰাইজে কৰিছে চোকা সমালোচনা।

ৰাইজে বালিৰ ছিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ  বনমন্ত্ৰী আৰু জিলা উপায়ুক্তক দা‍বী জনাইছে। উল্লেখ্য যে বালি কঢ়িওৱা গাড়ীবোৰে অভাৰ লোড বালি অনাত হোজাইৰে পশ্চিম কাৰ্বি আংলঙলৈ যোৱা নতুন বজাৰ অঞ্চলৰ  পথবোৰ লাহে লাহে বহি যোৱাৰ লগতে বিধ্বস্ত হোৱাত ৰাইজৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
Published by:Gautam Barman
First published: