সেনা বিষয়াক বিদেশী সজোৱাৰ আঁৰত কাৰ ষড়যন্ত্ৰ? পোহৰলৈ নতুন তথ্য!

বিষয়াগৰাকীৰ অনুপস্থিতিত তদন্তকাৰী বিষয়াই কাক সোধা–পোছা কৰিছিল? টিপচহী কাৰ ল’লে বিষয়াই?

news18assam
Updated:June 1, 2019, 1:04 PM IST
সেনা বিষয়াক বিদেশী সজোৱাৰ আঁৰত কাৰ ষড়যন্ত্ৰ? পোহৰলৈ নতুন তথ্য!
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), default quality
news18assam
Updated: June 1, 2019, 1:04 PM IST
প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহক বিদেশী ঘোষণাৰ সন্দৰ্ভত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ছানাউল্লাহৰ বিদেশী গোচৰৰ তদন্তকাৰী বিষয়াৰ প্ৰতিবেদনে সৃষ্টি কৰিছে গভীৰ ৰহস্যৰ। ২০০৯ চনৰ ২৭ জুলাইত তদন্তকাৰী বিষয়াই ছানাউল্লাহৰ ঘৰত তদন্ত কৰিবলৈ যোৱাৰ কথা উল্লেখ কৰিছে প্ৰতিবেদনত। ছানাউল্লাহক সোধাপোছা কৰা বুলিও উল্লেখ কৰিছে এই প্ৰতিবেদনত। কিন্তু সেই সময়ত ঘৰত নাছিল ছানাউল্লাহৰ। মণিপুৰত কৰ্মৰত আছিল সেনা বিষয়াগৰাকী। তদন্তকাৰী আৰক্ষীৰ প্ৰতিবেদনত ছানাউল্লাহে নিজকে বনুৱা বুলি উল্লেখ কৰিছিল। সেই সময়ত আৰক্ষীৰ প্ৰতিবেদনত ছানাউল্লাহে কৰিছিল টিপ চহী। কিন্তু মণিপুৰত কৰ্মৰত সেনা বিষয়াগৰাকীয়ে কেনেকৈ সেই প্ৰতিবেদনত কৰিলে টিপ চহী। প্ৰতিবেদনত যিকেইজন সাক্ষীয়ে স্বাক্ষৰ কৰিছিল তেওঁলোকক সোধাপোছা কৰোতেও কোনোদিন সীমান্ত আৰক্ষী তেওঁলোকৰ ওচৰলৈ অহা নাছিল বুলি মন্তব্য কৰে বুলি জনায় ছানাউল্লাহৰ অধিবক্তাই।

ইফালে বিদেশী ঘোষিত ছানাউল্লাহৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন । জামিন বিচাৰি ছানাউল্লাহৰ অধিবক্তাৰ আবেদন ন্যায়ালয়ত । বিদেশী ঘোষিত প্ৰাক্তন সেনা বিষয়াগৰাকীক গোৱালপাৰা ৰ ডিটেনশ্যন কেম্পত ৰখা হৈছে
আৰু চাওক পৰৱৰ্তী বাতৰি