ভাৰতীয় হোৱাৰ কোনো প্ৰমাণ দিব পৰা নাছিল ছানা উল্লাহে, সংসদত সদৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

ৰাজ্যসভাত কংগ্ৰেছ সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উত্তৰ।

News18-Assam
Updated:July 3, 2019, 3:39 PM IST
ভাৰতীয় হোৱাৰ কোনো প্ৰমাণ দিব পৰা নাছিল ছানা উল্লাহে, সংসদত সদৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ
ৰাজ্যসভাত কংগ্ৰেছ সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উত্তৰ।
News18-Assam
Updated: July 3, 2019, 3:39 PM IST
প্ৰাক্তন সেনা বিষয়া ছানা উল্লাহে নিজকে ভাৰতীয় বুলি কোনো প্ৰমাণ দিব পৰা নাছিল, তেওঁ নিজৰ নাগৰিকত্ব সন্দৰ্ভত কোনো যাৱতীয় নথি দাখিল কৰিব পৰা নাছিল। ছানা উল্লাহে ১৯৭১ৰ ২৫ মাৰ্চৰ পূৰ্বৰ বংশবৃক্ষ দাখিল কৰিব পৰা নাছিল। সংসদত এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। ৰাজ্যসভাত  কংগ্ৰেছ সাংসদ আনন্দ শৰ্মাৰ লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জনায় এই তথ্য। এই তথ্য অনুসৰি নাগৰিকত্ব আইন ১৯৪৬ৰ দফা ৯ অনুসৰি বিদেশী ন্যায়াধিকৰণত ছানা উল্লাহে দাখিল কৰিব পৰা নাছিল বংশবৃক্ষ। জন্মসূত্ৰে ভাৰতীয় নাগৰিক হোৱাৰো কোনো প্ৰমাণপত্ৰ দিব পৰা নাছিল ছানা উল্লাহে। স্থানীয় ৰাইজৰ তথ্যৰ ভিত্তিত তেওঁলৈ বিদেশীৰ জাননী জাৰি কৰা হৈছিল বুলি জনায় কেন্দ্ৰই। উল্লেখযোগ্য যে বকোৰ কলহীকাষ গাঁৱৰ বাসিন্দা ছানা উল্লাহ ৩০ বছৰ ধৰি ভাৰতীয় সেনা-বাহিনীত কৰ্মৰত আছিল। ২০১৭ত তেওঁ অনাৰেৰী কেপ্টেইন পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। সেনাবাহিনীৰ পৰা অৱসৰৰ পিছতে যোগ দিছিল আৰক্ষীত।
ৰাষ্ট্ৰপতিৰ পুৰস্কাৰো লাভ কৰিছিল ছানা উল্লাহে। ছানা উল্লাহৰ বিৰুদ্ধে ২০০৮ৰ পৰা বিদেশী ন্যায়াধীকৰণত চলি আছিল গোচৰ। বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পিছত তেওঁক
গোৱালপাৰাৰ ডিটেনচন কেম্পত বন্দী কৰি ৰখা হৈছিল। পৰৱৰ্তী সময়ত তেওঁ জামিন লাভ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি