• Home
  • »
  • News
  • »
  • assam
  • »
  • ''ছাত্ৰ সন্থা উন্নয়নবিৰোধী নহয়, কিন্তু জনতাৰ ক্ষতি কৰা বৃহৎ নদীবান্ধৰ বিৰোধী''- নলবাৰীত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

''ছাত্ৰ সন্থা উন্নয়নবিৰোধী নহয়, কিন্তু জনতাৰ ক্ষতি কৰা বৃহৎ নদীবান্ধৰ বিৰোধী''- নলবাৰীত ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

 শিক্ষাদানৰ পদ্ধতি সলনি কৰিবলৈ তেওঁ‌ দাবী উত্থাপন কৰে।

শিক্ষাদানৰ পদ্ধতি সলনি কৰিবলৈ তেওঁ‌ দাবী উত্থাপন কৰে।

শিক্ষাদানৰ পদ্ধতি সলনি কৰিবলৈ তেওঁ‌ দাবী উত্থাপন কৰে।

  • Share this:
নলবাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নামনি অসমৰ জনসাধাৰণলৈ কঢ়িয়াই অনা আশংকা সন্দৰ্ভত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। আছুৰ উপদেষ্টাগৰাকীয়ে অসমৰ বিশেষজ্ঞ সমিতি আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শক কেন্দ্ৰীয় চৰকাৰে আওকাণ কৰাৰ ফলতেই নামনিৰ ৰাইজৰ নিৰাপত্তা নোহোৱা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰি এই জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰে।

নামনি অসমৰ জনসাধাৰণক লৈ চৰকাৰে হেতালি খেলিব খোজা কাৰ্য সহ্য কৰা নহ'ব বুলিও তেওঁ কয়। বিজ্ঞানৰ সত্যৰ সন্মুখীন হ'বলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সাহস নাই বুলি তীক্ষ্ণ সমালোচনা কৰি ভট্টাচাৰ্যই কয় যে ছাত্ৰ সন্থা উন্নয়ন বিৰোধী নহয়, কিন্তু জনসাধাৰণৰ ক্ষতি কৰা বৃহৎ নদীবান্ধৰ বিৰোধী।

ইফালে ৰাজ্যত চলি থকা মাধ্যম বিতৰ্ক সন্দৰ্ভতো তেওঁ‌ প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। তেওঁ‌ চৰকাৰক মাধ্যমত হাত নিদিবলৈ সকীয়নি প্ৰদান কৰি প্ৰাক প্ৰাথমিক স্তৰৰ পৰা শিক্ষাৰ্থীসকলক ইংৰাজী ভাষাত শিক্ষা প্ৰদান কৰাৰ বাবে আহ্বান জনায়।ব্যক্তিগত খণ্ডৰ সমান্তৰালভাৱে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰো আন্তঃগাঁথনি তথা শিক্ষাদানৰ পদ্ধতি সলনি কৰিবলৈ তেওঁ‌ দাবী উত্থাপন কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি