অসম ৰাজ্যিক তথ্য আয়ুক্ত পদত ৰাজ্যৰ প্ৰথমগৰাকী সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ

News18 Assam | News18-Assam
Updated:August 11, 2020, 6:14 PM IST
অসম ৰাজ্যিক তথ্য আয়ুক্ত পদত ৰাজ্যৰ প্ৰথমগৰাকী সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ
জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপক সোমবাৰে ৰাজভৱনৰ শপত বাক্য পাঠ কৰালে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপক সোমবাৰে ৰাজভৱনৰ শপত বাক্য পাঠ কৰালে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

  • Share this:
অসম ৰাজ্যিক তথ্য আয়ুক্ত পদত ৰাজ্যৰ প্ৰথমগৰাকী সাংবাদিক হিচাপে সোমবাৰে শপত গ্ৰহণ কৰিলে বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপে। জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপক সোমবাৰে ৰাজভৱনৰ শপত বাক্য পাঠ কৰালে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।
তথ্য জনা আইন ২০০৫ৰ অধীনত স্থাপিত অসম ৰাজ্যিক তথ্য আয়োগৰ এজন ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে সমুদ্ৰগুপ্ত কাশ্যপৰ শপত গ্ৰহণে উৎফুল্লিত কৰে সংবাদ মহলক। তিনিবছৰীয়া কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিব সমুদ্ৰগুপ্ত কাশ্যপে। অসম ৰাজ্যিক তথ্য আযুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হ’বলৈ সামাজিক দায়িবদ্ধ আৰু অভিজ্ঞ ব্যক্তিক অগ্ৰাধিকাৰ দিয়ে চৰকাৰে, য'ত দেশৰ অষ্টদশ আৰু অসমৰ প্ৰথমগৰাকী সাংবাদিক হিচাপে আয়ুক্ত পদত নিযুক্তি পালে সমুদ্ৰ গুপ্ত কাশ্যপে। ইয়াৰ পূৰ্বে এই পদত সদায়েই চৰকাৰী ব্যক্তিয়ে গুৰুত্ব লাভ কৰিছিল। অসম ৰাজ্যিক তথ্য আয়ুক্তৰ মুখ্য কাৰ্যালয়টো আছে মহানগৰীৰ পাঞ্জাবাৰীত।
Published by: Sanjay Kumar Das
First published: August 11, 2020, 6:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading