মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পাকিস্তানী সেনাক ফেচবুকত মুকলিকৈ সমৰ্থন চামগুৰিৰ কংগ্ৰেছ নেতা ফকৰুদ্দিনৰ!

পাকিস্তানী সেনাক ফেচবুকত মুকলিকৈ সমৰ্থন চামগুৰিৰ কংগ্ৰেছ নেতা ফকৰুদ্দিনৰ!

News18-Assam
Updated:August 16, 2019, 9:42 PM IST
পাকিস্তানী সেনাক ফেচবুকত মুকলিকৈ সমৰ্থন চামগুৰিৰ কংগ্ৰেছ নেতা ফকৰুদ্দিনৰ!
ফকৰউদ্দিন নামৰ আন এজন কংগ্ৰেছ কৰ্মীয়ে পাকিস্তানৰ সমৰ্থনত নিজৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰিছে একাধিক পোষ্ট।

ফকৰউদ্দিন নামৰ আন এজন কংগ্ৰেছ কৰ্মীয়ে পাকিস্তানৰ সমৰ্থনত নিজৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰিছে একাধিক পোষ্ট।

  • Share this:
নীলোৎপল বৰাঃ বিপদে লগ এৰা নাই কংগ্ৰেছক। এফলে দলৰ একাংশ জ্যেষ্ঠ নেতাৰ বিজেপিত যোগদান, আন ফালে একাংশ দলীয় কৰ্মীয়ে পাকিস্তানৰ সমৰ্থনত মুকলিকৈ ছচিয়েল মিডিয়াত কৰিছে আপত্তিজনক মন্তব্য।

পাকিস্তানী সেনাৰ সমৰ্থনত ফেচবুকত পোষ্ট দি চামগুৰিৰ কংগ্ৰেছ নেতা হাছেন আলী গ্ৰেপ্তাৰ হোৱাৰ পিছত পুনৰ আন এগৰাকী কংগ্ৰেছ কৰ্মীয়ে পাকিস্তানী সেনাৰ সমৰ্থনত বহু পোষ্ট শ্বেয়াৰ কৰিলে নিজৰ ফেচবুক একাউণ্টত। এইবাৰ চামগুৰিৰ লাওখোৱা অঞ্চলৰে ফকৰউদ্দিন নামৰ আন এজন কংগ্ৰেছ কৰ্মীয়ে পাকিস্তানৰ সমৰ্থনত নিজৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰিছে একাধিক পোষ্ট।



মাত্ৰ এসপ্তাহ পূৰ্বে হাছান আলী নামৰ কংগ্ৰেছী নেতা গৰাকীয়ে ফেচবুকত পাকিস্তানক সমৰ্থন কৰি সৰ্বত্ৰে গৰ্হিত হোৱাৰ পিছত পুনৰ চামগুৰিৰে আন এগৰাকী যুৱকে পাকিস্তানক মুকলিকৈ সমৰ্থন কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।



কংগ্ৰেছ দলৰ একাংশ কৰ্মীৰ এনে দেশ বিৰোধী কাৰ্য কলাপে এতিয়া দলটোকো চুড়ান্ত ভাবে ক্ষতি কৰিছে।
First published: August 16, 2019, 9:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি