ছচিয়েল মিডিয়াত ভাৰত বিৰোধী মন্তব্য চামগুৰিৰ AIUDF নেতা ৰহমত উল্লাহৰ

এইবাৰ দেশদ্ৰোহী ৰূপত এ আই ইউ ডি এফৰ কৰ্মী। চলাইছে ভাৰত বিৰোধী প্ৰচাৰ

News18-Assam
Updated:August 17, 2019, 6:15 PM IST
ছচিয়েল মিডিয়াত ভাৰত বিৰোধী মন্তব্য চামগুৰিৰ AIUDF নেতা ৰহমত উল্লাহৰ
এইবাৰ দেশদ্ৰোহী ৰূপত এ আই ইউ ডি এফৰ কৰ্মী। চলাইছে ভাৰত বিৰোধী প্ৰচাৰ
News18-Assam
Updated: August 17, 2019, 6:15 PM IST
খাই ভাৰতৰ, পিন্ধেও ভাৰতৰে, কিন্তু সমৰ্থন কৰে পাকিস্তানক! অসমৰ একাংশ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ নেতা কৰ্মীয়ে এতিয়া ৰাজহুৱাকৈ ভাৰত বিৰোধী মন্তব্য কৰাৰ লগতে মুকলিকৈ সমৰ্থন কৰিছে পাকিস্তানক। চামগুৰিৰ এ আই ইউ ডি এফৰ সক্ৰিয় কৰ্মী ৰহমত উল্লাহে পাকিস্তানক সমৰ্থন কৰাৰ লগতে কাশ্মীৰত ৯৪ হাজাৰ কাশ্মীৰি মুছলমানক হত্যা আৰু ১০ নাৰীক ধৰ্ষণ কৰিছে বুলি ছচিয়েল মিডিয়াত চলাইছে অপপ্ৰচাৰ।

উল্লেখযোগ্য যে পাকিস্তানী সেনাৰ সমৰ্থনত ফেচবুকত পোষ্ট দি চামগুৰিৰ কংগ্ৰেছ নেতা হাছেন আলী গ্ৰেপ্তাৰ হোৱাৰ পিছত শুকুৰবাৰেও পাকিস্তানী সেনাৰ সমৰ্থনত বহু পোষ্ট শ্বেয়াৰ কৰিছিল চামগুৰিৰ কংগ্ৰেছ কৰ্মী ফকৰউদ্দিনে।



এনেদৰে চামগুৰিত  এতিয়া তৎপৰ হৈ পৰিছে এটা দেশ বিৰোধী চক্ৰ! এসপ্তাহৰ ভিতৰতে ছচিয়েল মিডিয়াত দেশ বিৰোধী পষ্ট আপলোড কৰা তৃতীয়টো ঘটনা সংঘটিত হ’ল চামগুৰিত। ফলত এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে চামগুৰিৰ সচেতন ৰাইজ। পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশই।
আৰু চাওক পৰৱৰ্তী বাতৰি