• Home
  • »
  • News
  • »
  • assam
  • »
  • AASU : ছাত্ৰ নেতা সমীৰণ ফুকন সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নিৰ্বাচিত

AASU : ছাত্ৰ নেতা সমীৰণ ফুকন সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নিৰ্বাচিত

 ১৬  বছৰৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম শীৰ্ষ পদত অধিষ্ঠিত  হৈছে শিৱসাগৰ মহকুমাৰ এগৰাকী  ছাত্ৰ নেতা।‌

 ১৬  বছৰৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম শীৰ্ষ পদত অধিষ্ঠিত  হৈছে শিৱসাগৰ মহকুমাৰ এগৰাকী  ছাত্ৰ নেতা।‌

 ১৬  বছৰৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম শীৰ্ষ পদত অধিষ্ঠিত  হৈছে শিৱসাগৰ মহকুমাৰ এগৰাকী  ছাত্ৰ নেতা।‌

  • Share this:
শিৱসাগৰৰ ছাত্ৰ নেতা সমীৰণ ফুকন সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নিৰ্বাচিত হোৱাৰ পিছত  আজি গৃহ চহৰ শিৱসাগৰত উপস্থিত হয়হি।

ছাত্ৰ নেতাজন গৃহ চহৰত উপস্থিত হোৱাৰ লগে লগে গায়ন–বায়নেৰে আদৰণি জনোৱাৰ পিছত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদত বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, খোজ ,  ক্ৰীড়া সন্থা, মাৰোৱাৰী যুৱ মঞ্চকে  ধৰি বিভিন্ন সামাজিক অনুষ্ঠান–প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে সমীৰণ ফুকনক।

অনুষ্ঠানত শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° প্ৰকাশ কটকী, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি, ছাত্ৰ–ছাত্ৰীসকল উপস্থিত থাকে।

লক্ষণীয় যে ১৬  বছৰৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম শীৰ্ষ পদত অধিষ্ঠিত  হৈছে শিৱসাগৰ মহকুমাৰ এগৰাকী  ছাত্ৰ নেতা।‌ সমীৰণ ফুকনে কয়– "সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই মোক সহকাৰী সম্পাদক পদৰ দায়িত্বভাৰ অৰ্পণ কৰি ছাত্ৰ–ছাত্ৰী তথা ৰাইজক সেৱা কৰিবলৈ সুযোগ দিয়াত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। এতিয়া মোৰ দায়বদ্ধতা আৰু বাঢ়িল। ছাত্ৰ–ছাত্ৰীৰ হকে অসম আৰু অসমীয়াৰ হকে কাম কৰি যাম।"
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি