দেহ ব্যৱসায়ত লিপ্ত কৰোৱাব নোৱাৰি কন্যাক মাৰধৰ জামালুদ্দিনৰ মাতৃকো আটক

জোৰ–জুলুমকৈ কিশোৰী নাতিনীয়েককক দেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী কৰিব খুজিছিল আইতাকে। সমগ্ৰ পৰিয়ালটোৰে আছে ভয়ানক অপৰাধী ইতিহাস।

News18-Assam
Updated:August 3, 2019, 4:01 PM IST
দেহ ব্যৱসায়ত লিপ্ত কৰোৱাব নোৱাৰি কন্যাক মাৰধৰ জামালুদ্দিনৰ মাতৃকো আটক
জোৰ–জুলুমকৈ কিশোৰী নাতিনীয়েককক দেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী কৰিব খুজিছিল আইতাকে। সমগ্ৰ পৰিয়ালটোৰে আছে ভয়ানক অপৰাধী ইতিহাস।
News18-Assam
Updated: August 3, 2019, 4:01 PM IST
নীলোৎপল বৰা, নগাঁও: পিতৃ আছিল কুখ্যাত ডকাইত আৰু পুত্ৰও জঘন্য অপৰাধী। পত্নী-কন্যাক দেহ-ব্যৱসায়ত নিয়োজিত কৰিব নোৱাৰি হতাশাগ্ৰস্ত হৈ পৰা লম্পট জামালউদ্দিনৰ পিছত আৰক্ষীৰ জালত পৰিছে মাতৃও। নিজ কন্যাক আসুৰিক অত্যাচাৰ চলাই ৰঙাঘৰৰ আলহী হোৱা জামালউদ্দিনৰ পিতৃ আছিল চামগুৰিৰ এটা দুধৰ্ষ ডকাইত।


আজিৰ পৰা ১৫ বছৰ পূৰ্বে গণপ্ৰহাৰত নিহত হৈছিল জামালৰ পিতৃ তথা কুখ্যাত ডকাইত আব্দুল ফালান। পিতৃয়ে আনৰ সম্পত্তি ডকাইতি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল পুত্ৰই আকৌ ধনৰ লালসাত নিজ পত্নী-কন্যাক বিক্ৰী কৰিব নোৱাৰি হত্যাৰ অপচেষ্টা চলাই ৰঙাঘৰৰ আলহী হ'ল। চামগুৰিৰ পাষাণ পিতৃ জামালউদ্দিনৰ সমগ্ৰ পৰিয়ালৰে ভয়ংকৰ অপৰাধৰ ইতিহাসে জোকাৰি যাব আপোনাক। কন্যাক নিৰ্মম অত্যাচাৰ চলাই ৰঙাঘৰৰ আলহী হোৱা জামালুদ্দিনে ডিব্ৰুগড়, দুলীয়াজান আৰু তিনিচুকীয়াৰ তিনিগৰাকী যুৱতীক বিয়া কৰাই দেহব্যৱসায়ত নিয়োজিত কৰিব নোৱাৰি বিবাহ বিচ্ছেদ কৰিছিল। ফেৰীৱালা জামালউদ্দিনৰ দেহ ব্যৱসায়ী চক্ৰৰ সৈতে আছে গোপন যোগাযোগ। সেয়ে নিজ কন্যাকো বিক্ৰী কৰিবলৈ কু্ণ্ঠাবোধ কৰা নাছিল পাষাণ পিতৃ জামালউদ্দিনে। আশ্বৰ্যজনকভাৱে জামালুদ্দিনৰ এই কাৰ্যত সহযোগ কৰিছে তেওঁৰ মাতৃ তথা দুৰ্ভগীয়া কিশোৰীগৰাকীৰ আইতাক ৰেজিয়া খাতুনে। আৰক্ষীয়ে ইতিমধ্যে দেহ ব্যৱসায় চক্ৰৰ হাতত নাতিনীয়েকক বিক্ৰী কৰিব খোজা আইতাক ৰেজিয়া খাতুনকো জিম্মাত লৈছে। বৰ্তমান নগাঁও আৰক্ষীয়ে জামালউদ্দিনৰ সৈতে জড়িত দেহব্যৱসায়ীৰ সন্ধানত আৰম্ভ কৰিছে অনুসন্ধান। কুখ্যাত অপৰাধী মানসিকতাৰ এই পৰিয়ালটোৰ মাতৃ-পুত্ৰক কঠোৰ শাস্তি বিহাৰ দাবী কৰিছে সকলোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি