জিএছটিৰ তথ্য বিচাৰি নগাঁৱত গোপনে বিক্ৰীকৰ বিভাগৰ অভিযান
জিএছটিৰ তথ্য বিচাৰি নগাঁৱত গোপনে বিক্ৰীকৰ বিভাগৰ অভিযান
নগাঁৱৰ বহু ব্যৱসায় প্ৰতিষ্ঠানত গুৱাহাটীৰ পৰা অহা বিক্ৰীকৰ বিভাগৰ (Sale Tax Department) দলে অভিযান চলাইছে। নগাঁও চহৰৰ হয়বৰগাঁৱস্থিত হোটেল পীয়ূষ ৰিজেন্সীত বাহৰ পাতি দলটোৱে প্ৰায় ৪ দিন ধৰি অভিযান চলাইছে। চহৰখনৰ বৰবজাৰ, ঢাকাইপট্টি, হয়বৰগাঁও, লক্ষীনগৰ আদি অঞ্চলৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰীকৰ বিভাগৰ দলটোৱে জিএছটিৰ (GST) তথ্য বিচাৰি অভিযান চলাইছে।
আনহাতে, অভিযানকাৰী দলটোৱে হোটেলৰ (Hotel) কোঠাতে বহু ব্যৱসায়ীক জেৰা চলোৱাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। হোটেলখনৰ প্ৰথম মহলাৰ ১০১, ১০২ আৰু ১০৩নং কোঠাত বাহৰ পাতি বহু অভিজাত ব্যৱসায়ীক জেৰা চলাইছে অভিযানকাৰী দলটোৱে। একাংশ ৰাইজৰ অভিযোগ, জিএছটিৰ তথ্য দিব নোৱাৰা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ সৈতে হোটেলৰ কোঠাত দৰদাম চলাইছে অভিযানকাৰী দলটোৱে। প্ৰায় ৪দিন ধৰি চলা এই অভিযানক কেন্দ্ৰ কৰি নগাঁও চহৰৰ (Nagaon City) ব্যৱসায়ীৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|