• Home
  • »
  • News
  • »
  • assam
  • »
  • কোন এই সাক্ষী পাৱাৰ? কম সময়তে উজলি উঠিছে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত

কোন এই সাক্ষী পাৱাৰ? কম সময়তে উজলি উঠিছে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত

সৰুৰে পৰাই হকীৰ প্ৰতি সাংঘাতিক আকৰ্ষণ সাক্ষীৰ।

সৰুৰে পৰাই হকীৰ প্ৰতি সাংঘাতিক আকৰ্ষণ সাক্ষীৰ।

সৰুৰে পৰাই হকীৰ প্ৰতি সাংঘাতিক আকৰ্ষণ সাক্ষীৰ।

  • Share this:
অসমৰ হকীৰ এক সফল নাম হ’ল সাক্ষী পাৱাৰ। সৰুৰে পৰাই হকীৰ প্ৰতি সাংঘাতিক আকৰ্ষণ সাক্ষীৰ। পঞ্জাবত জম্মগ্ৰহণ কৰা সাক্ষীয়ে দেউতাকৰ কৰ্মসূত্ৰে গুৱাহাটীলৈ আহি মহানগৰীত বিচাৰি লৈছিল হকীৰ প্ৰশিক্ষণ কেন্দ্ৰ। পঞ্জাবতে হকীৰ অ আ, ক খ আৰম্ভ কৰা সাক্ষীক পাই উৎফুল্লিত অনুভৱ কৰিছিল অসম হকী সন্থায়ো। কিয়নো পঞ্জাবতে উন্নত প্ৰশিক্ষণ লাভ কৰা সাক্ষীয়ে গুৱাহাটীলৈ আহি পৰৱৰ্তী সময়ত অসমৰ হৈ খেলি অসমৰ জুনিয়ৰ ছোৱালী দলক সফলতা প্ৰদান কৰিছিল।

ৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলৰ হৈ দুৰ্দান্ত খেল প্ৰদৰ্শন কৰা সাক্ষীয়ে তেওঁৰ প্ৰদৰ্শনৰ বাবে কেনিয়া আৰু বাংলাদেশ গামী জুনিয়ৰ টীম ইণ্ডিয়াত স্থান লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় দুখন প্ৰতিযোগিতাতো উজলি উঠে সাক্ষী পাৱাৰ। সম্প্ৰতি গুৱাহাটীৰ তৈবুল্লা হকী আন্তঃৰাষ্ট্ৰীয় খেলপথাৰত অনুশীলন চলোৱা সাক্ষীৰ পৰৱৰ্তী লক্ষ্য হ’ল ছিনিয়ৰত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা।
Published by:Sanjay Kumar Das
First published: