মুখ্যপৃষ্ঠা »খবৰ »অসম »SAI 20: তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা হোটেল ৰেডিছন ব্লু'ত আৰম্ভ G-20ৰ অন্তৰ্গত SAI-20 প্ৰতিনিধি বৈঠক

SAI 20: তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা হোটেল ৰেডিছন ব্লু'ত আৰম্ভ G-20ৰ অন্তৰ্গত SAI-20 প্ৰতিনিধি বৈঠক

বৈঠকত CAGৰ দুটা অগ্ৰাধিকাৰ ক্ষেত্ৰ— নীল অৰ্থনীতি আৰু দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তা (AI) সন্দৰ্ভত আলোচনা হ’ব।

বৈঠকত CAGৰ দুটা অগ্ৰাধিকাৰ ক্ষেত্ৰ— নীল অৰ্থনীতি আৰু দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তা (AI) সন্দৰ্ভত আলোচনা হ’ব।

বৈঠকত CAGৰ দুটা অগ্ৰাধিকাৰ ক্ষেত্ৰ— নীল অৰ্থনীতি আৰু দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তা (AI) সন্দৰ্ভত আলোচনা হ’ব।

  • Share this:
আজিৰে পৰা গুৱাহাটীত জি-২০ৰ অন্তৰ্গত SAI-20 প্ৰতিনিধি বৈঠক আৰম্ভ হৈছে। হোটেল ৰেডিছন ব্লু'ত তিনিদিনীয়া কাৰ্যসূচীৰে অহা ১৫ মাৰ্চলৈকে এই বৈঠক অনুষ্ঠিত হ’ব। ইয়াত  G-20ৰ সদস্য ৰাষ্ট্ৰ, অতিথি ৰাষ্ট্ৰ আৰু বহুকেইটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। এই দেশসমূহৰ সৰ্বোচ্চ অডিট প্ৰতিষ্ঠানসমূহেও ইয়াত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, ভাৰতৰ G-20ৰ অধ্যক্ষতাৰ অধীনত কেগ হৈছে সৰ্বোচ্চ অডিট প্ৰতিষ্ঠান-২০ এংগেজমেন্ট গ্ৰুপৰ অধ্যক্ষ। বৈঠকত CAGৰ দুটা অগ্ৰাধিকাৰ ক্ষেত্ৰ— নীল অৰ্থনীতি আৰু দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তা (AI) সন্দৰ্ভত আলোচনা হ’ব। ভাৰতে এই দুটা ক্ষেত্ৰৰ সংক্ৰান্তত SAI-20 এংগেজমেন্ট গ্ৰুপৰ সহযোগিতাৰ প্ৰস্তাৱ জনাইছে। এই বৈঠকত নীল অৰ্থনীতি আৰু দায়বদ্ধ AI সন্দৰ্ভত ধাৰণা কৰা বিষয়বস্তু উপস্থাপন কৰা হ’ব।

এই বৈঠকত G-20ৰ সদস্য SAI আৰু অতিথি SAIকে প্ৰমুখ্য কৰি অংশগ্ৰহণকাৰী SAI সমূহৰ অভিজ্ঞতাৰ আদান-প্ৰদান হ’ব। হোটেল ৰেডিছন ব্লু'ত পুৱা বৈঠকৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।

দেশৰ কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল গিৰিশ চন্দ্ৰ মুৰ্মুকে প্ৰমুখ্য কৰি জি-২০ৰ সদস্য ৰাষ্ট্ৰ, অতিথি ৰাষ্ট্ৰৰ সৰ্বোচ্চ অডিট প্ৰতিষ্ঠানৰ বিষয়াসকলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

শেহতীয়া বাতৰি