গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলৰ পৰা বুধবাৰে পুৱাই পোনে পোনে পবিতৰা অভয়াৰণ্যত উপস্থিত হয় SAI20ৰ প্ৰতিনিধি দল ৷ ভাৰতৰ লগতে বিশ্বৰ ২০খন দেশৰ মুঠ ৭৯ গৰাকী প্ৰতিনিধি উপস্থিত হয় এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰাত।
ইয়াৰে ভাৰতীয় প্ৰতিনিধি ৫৬গৰাকীৰ বিপৰীতে বিদেশী প্ৰতিনিধি উপস্থিত থাকে ২৩গৰাকী। Supreme Audit Institution ২০ত অংশ লোৱা প্ৰতিনিধিসকলে পৰিভ্ৰমণ কৰে পবিতৰা। পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই সাজু কৰি ৰখা ১১খনকৈ জীপেৰে ছাফাৰী কৰাৰ লগতে প্ৰতিনিধিসকলে উপভোগ কৰে পবিতৰা অভয়াৰণ্যৰ নান্দনিক পৰিৱেশ৷
বিশ্ববিখ্যাত এশিঙীয়া গঁড়, বনৰীয়া জীৱ-জন্তু, বিভিন্ন পৰিভ্ৰমী পক্ষী আৰু জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ পবিতৰাৰ নান্দনিক পৰিৱেশে আপ্লুত কৰে বিদেশী পৰ্যটকসকলক।
প্ৰতিনিধিসকলক পবিতৰালৈ আদৰণি জনায় DFO জয়শ্ৰী নাইডিং, পবিতৰাৰ বন বিষয়া নয়নজ্যোতি দাস, মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) গৌতম ভাস্কৰসহ বন বিভাগৰ কেইবাগৰাকী বিষয়াই৷
Published by: Gautam Barman
FIRST PUBLISHED : March 16, 2023, 03:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।