আঞ্চলিক ভাষাক অৱজ্ঞা কৰিলে ভুগিব লাগিব ফল : সাহিত্য সভা

অসমীয়া ভাষাৰ জ্ঞান নথকা কোনো লোকক অসমত চাকৰি কৰিব দিয়া নহ’ব বুলি মন্তব্য পৰমানন্দ ৰাজবংশীৰ। আঞ্চলিক ভাষাক অৱজ্ঞা নকৰিবলৈ ডনবস্ক’, কাজিৰঙা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সকীয়নি ৰাজবংশীৰ।

news18assam
Updated:May 16, 2019, 3:49 PM IST
আঞ্চলিক ভাষাক অৱজ্ঞা কৰিলে ভুগিব লাগিব ফল : সাহিত্য সভা
অসমীয়া ভাষাৰ জ্ঞান নথকা কোনো লোকক অসমত চাকৰি কৰিব দিয়া নহ’ব বুলি মন্তব্য পৰমানন্দ ৰাজবংশীৰ। আঞ্চলিক ভাষাক অৱজ্ঞা নকৰিবলৈ ডনবস্ক’, কাজিৰঙা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সকীয়নি ৰাজবংশীৰ।
news18assam
Updated: May 16, 2019, 3:49 PM IST
কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া বিষয়ৰ পাঠদানক লৈ আজি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে আয়োজন কৰে এক সংবাদমেলৰ। ৰাজবংশীয়ে কয় – ‘কেন্দ্ৰীয় বিদ্যালয়ৰ পাঠ্যক্ৰমত থাকিব অঞ্চলিক ভাষা। বিদ্যালয়ৰ নিৰ্ধাৰিত সময়ত পাঠদান হ’ব আঞ্চলিক ভাষাৰ। উত্তৰ পূবৰ সকলো ৰাজ্যতে প্ৰযোজ্য হ’ব এই নিয়ম।’

ইয়াৰ বাবে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। গৰম বন্ধৰ পিছতে কাৰ্যকৰী কৰা হ’ব এই নিয়ম। অসমীয়া ভাষাটো তৃতীয় ভাষা হিচাপে শিকাব লাগিব বুলিও কয় পৰমানন্দ ৰাজবংশীয়ে। অসমীয়া ভাষাৰ জ্ঞান নথকা কোনো লোকক অসমত চাকৰি কৰিব দিয়া নহ’ব বুলিও মন্তব্য সাহিত্য সভাৰ সভাপতিগৰাকীৰ। আঞ্চলিক ভাষাক অৱজ্ঞা নকৰিবলৈ ডনবস্ক’, কাজিৰঙা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সকীয়নি ৰাজবংশীৰ। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতো অসমীয়া ভাষা বাধ্যতামূলক হ’ব লাগিব। অন্যথা কৰ্মফল ভোগ কৰিব লাগিব সেইসমূহ শিক্ষানুষ্ঠানে।
আৰু চাওক পৰৱৰ্তী বাতৰি