• Home
  • »
  • News
  • »
  • assam
  • »
  • বাংলাদেশত থকা অসমীয়া মূলৰ লোকক অসমীয়া ভাষা শিকাবলৈ ৰাজ্য চৰকাৰক আহ্বান অসম সাহিত্য সভাৰ

বাংলাদেশত থকা অসমীয়া মূলৰ লোকক অসমীয়া ভাষা শিকাবলৈ ৰাজ্য চৰকাৰক আহ্বান অসম সাহিত্য সভাৰ

এই দিশত উপযুক্ত শিক্ষকৰ আৰু অন্যান্য সুবিধাসমূহ উপলব্ধ কৰাবলৈ শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ সভাপতি কুল শইকীয়াৰ  

এই দিশত উপযুক্ত শিক্ষকৰ আৰু অন্যান্য সুবিধাসমূহ উপলব্ধ কৰাবলৈ শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ সভাপতি কুল শইকীয়াৰ  

এই দিশত উপযুক্ত শিক্ষকৰ আৰু অন্যান্য সুবিধাসমূহ উপলব্ধ কৰাবলৈ শিক্ষামন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ সভাপতি কুল শইকীয়াৰ  

  • Share this:

বাংলাদেশৰ অসমীয়া মূলৰ লোকসকলক অসমীয়া ভাষা শিকোৱাৰ দিশত অসম চৰকাৰক পদক্ষেপ ল’বলৈ দাবী জনাইছে অসম সাহিত্য সভাই। অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়াই এক টুইটযোগে এই কথা অৱগত কৰে।


তেওঁ কয় – 'সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰিৰ পৰা জানিব পৰা মতে চুবুৰীয়া বাংলাদেশত বসবাস কৰি থকা অসমীয়া লোকসকল অসমীয়া ভাষা শিকাত আগ্ৰহী। তেওঁলোকৰ পূৰ্বপুৰুষ বুৰঞ্জীৰ বিভিন্ন সন্ধিক্ষণত বৰ্তমানৰ বাংলাদেশলৈ স্থানান্তৰ হৈছিল (নতুবা সেই দেশতে থাকি গৈছিল)। সেই সকল লোকক অসমীয়া শিকোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুক পত্ৰ প্ৰেৰণ কৰা হৈছে।'


বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ পৰা ৩৫০ কিলোমিটাৰ নিলগৰ ৰাঙামাটি নামৰ অঞ্চলটোত বহু অসমীয়া লোকে বসবাস কৰে। বড়ো তথা ৰাভা মূলৰ এই লোকসকলৰ সকলোৱে ‘অসম’ উপাধি লিখে। কিন্তু এওঁলোকে নাজানে অসমীয়া ভাষা। বহুদিনৰ পৰা এইসকল লোকে তেওঁলোকৰ অঞ্চলত এখন অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু ঢাকাত এটা অসমৰ সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠাৰ দাবী  উত্থাপন কৰি আহিছে।


এইসকল লোকৰ অসমৰ প্ৰতি থকা অফুৰন্ত মানসিক আত্মীয়তাৰ সঁহাৰি জনায় অসম সাহিত্য সভাই অসম চৰকাৰক এই দাবী উত্থাপন কৰিছে বুলি জানিব পৰা গৈছে ।  News18ৰে হোৱা এক টেলিফোনিক বার্তালাপত শইকীয়াই কয় – 'এনেবোৰ পদক্ষেপ অসমীয়া ভাষাৰ বিশ্বজনীন যাত্ৰাৰ একো একোটা অংশ-বিশেষ।'


ইণ্টাৰনেটৰ মাধ্যমৰে বিশ্বৰ বিহু দেশত বসবাস কৰি থকা অসমীয়া লোকক সাহিত্য সভাই অসমীয়া শিকোৱাৰ পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে সভাপতিগৰাকীয়ে।

Published by:Gautam Barman
First published: