NRCৰ খচৰাৰ পৰা বাদ পৰিল সাহিত্য অকাডেমী বঁটা বিজয়ী দুৰ্গা খাটিৱাৰাৰ নাম

প্ৰকাশিত NRC ৰ চুড়ান্ত খচৰাৰ পৰা বাদ পৰিল সাহিত্য অকাডেমী বটা বিজয়ী দৰ্গা খাটিৱাৰাৰ লগতে অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বিজয়ন্তী দেৱীৰ পৰিয়ালৰ সদস্যৰ নাম।

News18-Assam
Updated:July 3, 2019, 12:19 PM IST
NRCৰ খচৰাৰ পৰা বাদ পৰিল সাহিত্য অকাডেমী বঁটা বিজয়ী দুৰ্গা খাটিৱাৰাৰ নাম
প্ৰকাশিত NRC ৰ চুড়ান্ত খচৰাৰ পৰা বাদ পৰিল সাহিত্য অকাডেমী বটা বিজয়ী দৰ্গা খাটিৱাৰাৰ লগতে অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বিজয়ন্তী দেৱীৰ পৰিয়ালৰ সদস্যৰ নাম।
News18-Assam
Updated: July 3, 2019, 12:19 PM IST
প্ৰকাশিত NRC ৰ চুড়ান্ত খচৰাৰ পৰা বাদ পৰিল সাহিত্য অকাডেমী বটা বিজয়ী দৰ্গা খাটিৱাৰাৰ লগতে অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বিজয়ন্তী দেৱীৰ পৰিয়ালৰ সদস্যৰ নাম। দেওবাৰে সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰিছে ৰাজ্যৰ গোৰ্খা সংগঠনে।

এনেদৰে গোৰ্খা সম্প্ৰদায়ৰ বিশিষ্ট লোক সকল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকাশিত খচৰাৰ পৰা বাদ পৰা বিষয়টোৱে সমগ্ৰ গোৰ্খা সম্প্ৰদায়কে অসন্মানীত কৰিছে বুলি মন্তব্য কৰে ভাৰতীয় গোৰ্খা পৰিসংঘৰ ৰাষ্ট্ৰীয় সম্পাদক নন্দন কিৰাটি দেৱানে। লগতে এনে ধৰণৰ দায়িত্বহীন কৰ্ম কাণ্ডই দেশৰ স্বাধীনতা আন্দোলনৰ মুক্তিযুদ্ধাসকলৰ লগতে অসম আন্দোলনকো অসন্মানীত কৰিলে বুলি মত প্ৰকাশ কৰে সম্পাদকগৰাকীয়ে।

সাহিত্য অকাডেমীৰ বটা বিজয়ী তথা বৰ্তমান অসম নেপালী সাহিত্য সভাৰ সভাপতি দুৰ্গা খাটিৱাৰাই পিতৃৰ নামত থকা ১৯৫১ চনৰ লিগেছী ডাটা দেখুৱাইছিল।পিছত পৰিয়ালৰ লোকসকলৰ নাম আহিল যদিও মূৰকত এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰিল খাটিৱাৰাৰা নাম। ইয়াৰ উপৰিও মক্তিযুদ্ধা ছবিলাল উপাধ্যায়ৰ নাতি মঞ্জু দেৱীৰ নামো বাদ পৰিছে এন আৰ চিৰ চুড়ান্ত খচৰাৰ পৰা।

সমগ্ৰ বিষয়টো আকৌ এবাৰ চালি জাৰি চাই পৰিয়াল কেইটাক ন্যায় প্ৰদান কৰিবলৈ এন আৰ চি কৰ্তৃপক্ষক অনুৰোধ জনালে ভাৰতীয় গোৰ্খা পৰিসংঘৰ ৰাষ্ট্ৰীয় সম্পাদকগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি