বিশিষ্ট সাহিত্যিক মনোজ কুমাৰ গোস্ৱামীলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ( Sahitya Akademi Award)। সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে তেওঁৰ গল্প সংকলন "ভুল সত্য" গ্ৰন্থখনৰ বাবে এই সন্মান লাভ কৰে।
''সমীৰণ বৰুৱা আহি আছে'' গল্পৰ যোগেদি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা গল্পকাৰ গোস্বামীৰ ''মই ৰাজেন বৰুৱাক সমৰ্থন কৰোঁ'', ''ইশ্বৰহীনতা'', ''স্বাধীনতা'', ''এলুমিনিয়ামৰ আঙুলি'' আদি গল্প সংকলনে অসমীয়া সাহিত্যৰ জগতখন সমৃদ্ধ কৰিছে।
গোস্বামীয়ে '৯০ৰ দশকত ''নতুন দৈনিক'' নামৰ বাতৰি কাকতখনৰ জৰিয়তে সাংবাদিক জীৱনৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত তেওঁ বহুকেইখন বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যমত সংবাদ সেৱা আগবঢ়াইছিল। এই সাংবাদিক জীৱন যাত্ৰা বৰ্তমানেও অব্যাহত আছে।
১৯৬২ চনত নগাওঁত জন্মগ্ৰহণ কৰা মনোজ কুমাৰ গোস্বামী (Manoj Kumar Goswami) পদাৰ্থ বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। অলপতে গোস্ৱামীৰ ইংৰাজী গল্প সংকলন 'মাপেট এণ্ড আডাৰ ষ্টৰীজ' উন্মোচন কৰিছিল কিম্বদন্তি সাহিত্যিক ৰাস্কিন বণ্ডে। মুছৌৰীত বণ্ডৰ বাসগৃহত এই গ্ৰন্থখন উন্মোচন কৰা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।