শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক, কবি- সাহিত্যিক-সমালোচক ছবিলাল উপাধ্যায় (Chabilal Upadhyay)ক নেপালী ভাষাৰ কাব্যগ্ৰন্থ “ঊষা-অনিৰুদ্ধ”ৰ বাবে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী (Sahitya Academy) পুৰস্কাৰ আগবঢ়োৱা হৈছে । উল্লেখ্য যে ২৯খন গ্ৰন্থ ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰা বিশিষ্ট সাহিত্যিক ছবিলাল উপাধ্যায়ক ১৯৯৮ চনত অনুবাদ সাহিত্য অকাডেমী পুৰস্কাৰ আগবঢ়োৱা হৈছিল ৷ 'চন্দ্ৰগুপ্ত নাটক’ অনুবাদৰ বাবে তেখেতে অনুবাদ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল ৷
১৯৩৬ চনৰ ৩ নৱেম্বৰত তেতিয়াৰ দৰং আৰু বৰ্তমানৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটত ৰামনাথ উপাধ্যায় আৰু ধনমায়া দেৱীৰ কনিষ্ঠ পুত্ৰ হিচাপে জন্ম লাভ কৰিছিল ছবিলাল উপাধ্যায়ে। সাহিত্যিক ছবিলাল উপাধ্যায়ে ১৯৬১ চনত ঢেকিয়াজুলি ৰাজহ চক্ৰৰ ৰঙাগড়া মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে আৰু সুদীৰ্ঘ বছৰ সেৱা আগবঢ়াই ১৯৯৫ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ঢেকিয়াজুলি নগৰৰ ৬ নং ৱাৰ্ডত স্থায়ীভাৱে থাকিবলৈ লয় ৷
পত্নী বিষ্ণুমায়া দেৱীৰ লগতে দুগৰাকী শিক্ষক পুত্ৰ আৰু বোৱাৰী সৈতে কবি নিকেতন নামৰ বাসগৃহত জীৱন কটোৱা সাহিত্যিকগৰাকীয়ে সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰাত পৰিয়ালবৰ্গৰ লগতে শুভাকাঙ্খীসকল উৎফুল্লিত হৈ পৰিছে ৷ তেখেতক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনোৱাৰ লগতে শুভেচ্ছা জনাইছে ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
অসম নেপালী সাহিত্য সভা, ভাৰতীয় সাহিত্য প্ৰতিষ্ঠান, তেজপুৰ, ঢেকিয়াজুলি ভানুজ্যোতি সংঘ, ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চ আদি সংগঠনৰ প্ৰতিনিধি তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতক অভিনন্দন জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|