আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিল আৰু এগৰাকী অসমীয়া। গুৱাহাটীৰ জীয়ৰী আৰু নগাঁৱৰ মাজজাজৰিৰ বোৱাৰী সাগৰিকা কাকতি বৰুৱাই লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় ৰাণী ডুবাইৰ খিতাপ। সুদূৰ ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সাগৰিকাই।
বৰ্তমান ডুবাইৰ প্ৰৱাসী অসমীয়া হিচাপে প্ৰতিষ্ঠা লাভ কৰা সাগৰিকা পেছাত এগৰাকী এমিৰেটচৰ কেবিন ক্ৰ'। সাগৰিকাৰ সৰুৰে পৰাই মডেলিঙৰ প্ৰতি ৰাপ আছিল। সেই আগ্ৰহৰ বাবেই বৰ্তমান এটি কন্যা সন্তানৰ মাতৃ হৈও সাগৰিকাই উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ৰাণী ডুবাইৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'ল।
এই বঁটা গ্ৰহণ কৰি সাগৰিকাই মনৰ অনুভৱ ব্যক্ত কৰি কয়, "বিদেশত আহি সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী মুকুট পৰিধান কৰাটো মোৰ সপোন আছিল। তাতোকৈ গৌৰৱান্বিত হৈছোঁ এইবাবেই যে ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাখনৰ প্ৰশ্নোত্তৰ শিতানত মই অসমৰ কথা হিয়া উজাৰি ক'ব পাৰিছিলোঁ। অসমৰ লোকসংস্কৃতিৰ কথা ক'বলৈ গৈ বিহুৰ বৰ্ণনা দিওঁতেই বিচাৰকৰ পৰা মই উচ্চ প্ৰশংসা লাভ কৰিছিলোঁ আৰু দেশী-বিদেশী অগণন দৰ্শকে বিহু সম্পৰ্কে আৰু অধিক জানিবলৈ বিচৰাত মই নিজে বিহুগীত গাই, নাচি বহুত আনন্দিত হৈছিলোঁ আৰু ধন্য মানিছিলোঁ। মই বিশেষভাৱে সুখ অনুভৱ কৰিছোঁ যে মই জীয়ৰী কালৰ পৰাই ভাবি অহা ৰেম্পট খোজ কঢ়া মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল মোৰ কণমানি জীয়ৰী আভিয়ানাও।"
সাগৰিকাই এই সফলতাৰ আঁৰত প্ৰেৰণা যোগোৱা স্বামী ৰূপজ্যোতি বৰুৱাক কৃতিত্ব প্ৰদান কৰাৰ লগতে পৰিয়ালবৰ্গ তথা অগণন শুভাকাংক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে। সাগৰিকাৰ এই সাফল্যৰ খবৰে অসমৰ লগতে ভাৰতবাসীকো গৌৰৱান্বিত কৰিছে।
উল্লেখ্য যে আমেৰিকা, অষ্ট্ৰেলিয়া, ৰাছিয়া, ইউক্ৰেনিয়ানকে ধৰি বহুকেইখন ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা সৌন্দৰ্য প্ৰতিযোগিতাখনৰ প্ৰথম ৰানাৰ আপ আছিল ৰাজস্থানৰ কীৰ্তি উপাধ্যায় আৰু দ্বিতীয় ৰানাৰ আপৰ খিতাপ অৰ্জন কৰিছিল বিহাৰৰ প্ৰিয়া সিঙে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|