মুখ্যপৃষ্ঠা »খবৰ »অসম »India Book of Records : একেলগে ১১টা চৰিত্ৰত অভিনয় কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম খোদিত কৰিলে অসমৰ সাগৰিকাই।

India Book of Records : একেলগে ১১টা চৰিত্ৰত অভিনয় কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম খোদিত কৰিলে অসমৰ সাগৰিকাই।

Sagarika Goswami নামৰ  ইউটিউব চেনেলযোগে অতি কম দিনৰ ভিতৰতে মুক্তি পাব সাগৰিকাৰ  ছুটি ছবিখন।

Sagarika Goswami নামৰ  ইউটিউব চেনেলযোগে অতি কম দিনৰ ভিতৰতে মুক্তি পাব সাগৰিকাৰ  ছুটি ছবিখন।

Sagarika Goswami নামৰ  ইউটিউব চেনেলযোগে অতি কম দিনৰ ভিতৰতে মুক্তি পাব সাগৰিকাৰ  ছুটি ছবিখন।

  • Share this:
‘গাৰ্ল ইজ গোল্ড’ নামৰ ছুটি ছবিখনৰ বাবে সাগৰিকা গোস্বামীয়ে কঢ়িয়াই আনিলে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ (India Book of Records)ৰ সন্মান । ছুটি ছবিখনৰ কাহিনী, পৰিকল্পনা, পৰিচালনা, ভিডিঅ’গ্ৰাফী, এডিটিং, বেকগ্ৰাউণ্ড মিউজিক, কস্তিউম ডিজাইনিং, ভইছ অ’ভাৰ আৰু কাষ্টিং আদি সকলো সাগৰিকা গোস্বামীৰ । ইয়াৰোপৰি ছুটি ছবিখনৰ চৰিত্ৰ- বিধৱা মাতৃ, শিক্ষয়িত্ৰী, গায়িকা, নৃত্যশিল্পী, সাংবাদিক, খেলুৱৈ, খলনায়ক আদি মুঠ ১১টা চৰিত্ৰৰ গোটেইকেইটাতে অভিনয় কৰে কেৱল সাগৰিকাই।

২১ বছৰ বয়সত এখন  ছবিৰ সকলো কাম-কাজৰ লগতে  ১১টা চৰিত্ৰত অভিনয় কৰা বাবে সাগৰিকাৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ'ল 'ইণ্ডিয়া বুক অৱ ৰেকৰ্ড' ত । Sagarika Goswami নামৰ  ইউটিউব চেনেলযোগে অতি কম দিনৰ ভিতৰতে মুক্তি পাব সাগৰিকাৰ  ছুটি ছবিখন।

হেমন্ত কুমাৰ গোস্বামী আৰু অনামিকা গোস্বামীৰ কন্যা সাগৰিকা গোস্বামীয়ে যোৱা বছৰো অতি কম সময়ত অধিক সংখ্যক সন্মান আৰু যোগ্যতা অৰ্জন কৰাৰ বাবে নাম লিখিবলৈ সক্ষম হৈছিল “অসম বুক অৱ ৰেকৰ্ড”ত । কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সংস্কৃত  সংহত পাঠ্যক্ৰমৰ সপ্তম ষান্মাসিকৰ ছাত্ৰী সাগৰিকা গোস্বামী । অতি শীঘ্ৰেই YouTubeত উপলব্ধ হ'ব ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট হোৱা 'গাৰ্ল ইজ গ'ল্ড' নামৰ ছুটি ছবি খন।

শেহতীয়া বাতৰি