உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰঙিয়াৰ ৰাজপথত চাফাই কৰ্মীসকলৰ প্ৰতিবাদ, অক্টোবৰৰ পৰা ৰাজপথত নামিব ৭ লক্ষাধিক চাফাই কৰ্মী

    ৰঙিয়াৰ ৰাজপথত চাফাই কৰ্মীসকলৰ প্ৰতিবাদ, অক্টোবৰৰ পৰা ৰাজপথত নামিব ৭ লক্ষাধিক চাফাই কৰ্মী

    ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পূৰ্বে চৰকাৰক সকীয়নি দি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰঙিয়াত।

    ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পূৰ্বে চৰকাৰক সকীয়নি দি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰঙিয়াত।

    ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পূৰ্বে চৰকাৰক সকীয়নি দি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰঙিয়াত।

    • Share this:
      শীঘ্ৰে ৰাজপথত নামিব ৰাজ্যৰ ৭ লক্ষাধিক চাফাই কৰ্মী। অক্টোবৰৰ পৰা আৰম্ভ কৰিব প্ৰতিবাদী কাৰ্যসূচী। বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা শোষিত হৈ অহাৰ অভিযোগ চাফাই কৰ্মীসকলৰ। মঙলবাৰে ৰঙিয়াৰ ৰাজপথত প্ৰতিবাদত নামিল শতাধিক চাফাই কৰ্মী। দশক দশক ধৰি চাফাই কৰ্মীসকলক চৰকাৰে ঠগ-প্ৰৱঞ্চনা কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। সেয়ে চৰকাৰৰ বিৰুদ্ধে মঙলবাৰে শতাধিক চাফাই কৰ্মীয়ে ৰূপায়ণ কৰিলে ধৰ্ণা কাৰ্যাসূচী।

      ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পূৰ্বে চৰকাৰক সকীয়নি দি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰঙিয়াত। অক্টোবৰ মাহৰ পৰা ৰাজপথত নামিব ৰাজ্যৰ ৭ লক্ষাধিক চাফাই কৰ্মীয়ে। অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কৰ্মবিৰতি আৰম্ভ কৰাৰ লগতে অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ।

      অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা অসমৰ চৰকাৰী চিকিৎসালয় আৰু পৌৰসভাৰ চাফাই কৰ্মীসকলে কৰ্মবিৰতি পালন কৰিব। চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীত সমগ্ৰ অসমৰ ৭ লক্ষাধিক চাফাই কৰ্মীয়ে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিব। চাফাই কৰ্মীসকলে দশক দশক ধৰি নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰি আহিছে। কিন্তু তাৰ পিছতো পৰ্যাপ্ত মাননি আৰু চৰকাৰী সা-সুবিধা লাভ নকৰা বুলি দুখ প্ৰকাশ কৰে। বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা শোষিত হৈ অহা বুলি অভিযোগ আনি এইসকল চাফাই কৰ্মীয়ে চৰকাৰলৈ অনুৰোধ জনাইছে তেওঁলোকৰ প্ৰাপ্য আদায় দিবলৈ। অন‍্যথা অনাগত দিনত অনাহুত পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি সকীয়াই দিয়ে।
      Published by:Sanjay Kumar Das
      First published: