স্বাধীনতা দিৱস সমাগত, একঁকাল পানীত নামি দুৰ্গম অঞ্চলত অভিযান শদিয়া আৰক্ষীৰ

শদিয়া আৰক্ষীয়ে স্বাধীনতা দিৱসৰ পূৰ্বে চলোৱা অভিযানৰ কিছু ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

News18-Assam
Updated:August 13, 2019, 8:00 AM IST
স্বাধীনতা দিৱস সমাগত, একঁকাল পানীত নামি দুৰ্গম অঞ্চলত অভিযান শদিয়া আৰক্ষীৰ
শদিয়া আৰক্ষীয়ে স্বাধীনতা দিৱসৰ পূৰ্বে চলোৱা অভিযানৰ কিছু ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।
News18-Assam
Updated: August 13, 2019, 8:00 AM IST
স্বাধীনতা দিৱস সমাগত। ৰাজ্যজুৰি স্বাধীনতা দিৱসক লৈ আৰক্ষী–প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ সতৰ্কতা। কূটাঘাতৰ আশংকাত জিলাই জিলাই আৰক্ষীয়ে চলাইছে তালাচী অভিযান। স্বাধীনতা দিৱসত যাতে কোনো উগ্ৰপন্থী সংগঠনে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দিনে–নিশাই সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী–প্ৰশাসনে।

শদিয়া আৰক্ষীয়ে স্বাধীনতা দিৱসৰ পূৰ্বে চলোৱা অভিযানৰ কিছু ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। শদিয়া আৰক্ষীৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা ফটোসমূহত অত্যন্ত দুৰ্গম অঞ্চলত আৰক্ষীয়ে অভিযান চলোৱা দেখা গৈছে। একঁকাল পানীৰে নদী পাৰ হৈ অভিযানত নামি পৰিছে আৰক্ষীৰ দলটো।
 
আৰু চাওক পৰৱৰ্তী বাতৰি