বৃদ্ধাগৰাকীৰ এই কৰুণ দৃশ্য দেখি স্থানীয় সচেতন ব্যক্তিয়ে বৃদ্ধাগৰাকীক উপযুক্ত সহায়ৰ বাবে চৰকাৰ আৰু দয়াবান ব্যক্তিক আহ্বান জনাইছে।
বৃদ্ধাগৰাকীৰ এই কৰুণ দৃশ্য দেখি স্থানীয় সচেতন ব্যক্তিয়ে বৃদ্ধাগৰাকীক উপযুক্ত সহায়ৰ বাবে চৰকাৰ আৰু দয়াবান ব্যক্তিক আহ্বান জনাইছে।
এগৰাকী অসহায় বৃদ্ধা। বৃদ্ধাগৰাকীৰ কৰুণ জীৱন–যাপন দেখিলে চকু সেমেকিব আপোনাৰ। বাক্সাৰ জাখলিবিল পথাৰ গাঁৱৰ গছন বেগম নামৰ অকলশৰীয়া বৃদ্ধাগৰাকীৰ আশ্ৰয়স্থল বুলিবলৈ নাই এটি বাসগৃহ। আছে মাথোঁ ফটা-চিটা প্লাষ্টিকৰ বস্তা মেৰিয়াই সঁজা এটা জৰাজীৰ্ণ পঁজা। য'ত অতি কৰুণ তথা দুৰ্বিসহ জীৱন কটাইছে বিধৱা বৃদ্ধাগৰাকীয়ে।
কেতিয়াবা যদি পথৰ ঢেঁকীয়া-কঁচু বিক্ৰী কৰি এমুঠি আহাৰ খবলৈ পাইছে, কেতিয়াবা অনাহাৰে দিন কটাইছে বৃদ্ধাগৰাকীয়ে। কিন্তু এতিয়ালৈ দৃষ্টিগোচৰ হোৱা নাই স্থানীয় জনপ্ৰতিনিধিৰ, ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনিয়ে। প্ৰতিবাৰেই ভোটাধিকাৰ সাব্যস্ত কৰি অহা এই অসহায় বৃদ্ধাগৰাকীয়ে আজি পৰ্যন্ত লাভ নকৰিলে এটি চৰকাৰী বাসগৃহ তথা চৰকাৰী কোনো সা সুবিধা।
ইফালে বৃদ্ধাগৰাকীৰ এই কৰুণ দৃশ্য দেখি স্থানীয় সচেতন ব্যক্তিয়ে বৃদ্ধাগৰাকীক উপযুক্ত সহায়ৰ বাবে চৰকাৰ আৰু দয়াবান ব্যক্তিক আহ্বান জনাইছে। যি সময়ত চৰকাৰে দৰিদ্ৰ লোকৰ বাবে বহু আঁচনি হাতত লৈছে, তেনে সময়ত এই অসহায় বৃদ্ধাগৰাকীক তেনে আঁচনিৰ দ্বাৰা উপকৃত কৰিবলৈ জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ সুদৃষ্টি কামনা কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|