উৰুখা পজাত এশবছৰ গৰকা আইতাৰ হুমুনিয়াহ। জীৱনৰ বিয়লি বেলাত দুচকুত চকুপানী। কেতিয়াবা লোঘনে কটাই উজাগৰী নিশা। বিছনাত শুই থকা এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনীয়ে আপোনাৰ-মোৰ হৃদয়খন সেমেকাই তুলিব।
এগৰাকী এশবছৰ গৰকা আইতা। অকলশৰীয়া এই গৰাকী আইতা চাৰু ৰাভা। উৰুখা পজাত আইতাৰ মাথোঁ হিয়া-ভঙা কান্দোন। বুকুত তীব্ৰ যন্ত্ৰণাৰ উকমুকনি। হয়, এই দৃশ্য গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ কেইকিলোমিটাৰ দুৰত্বত গাতে লাগি থকা ৰাণীৰ অঞ্চলত।
৫৪নং পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ ৰাণীৰ গুইমাৰীৰ দৃশ্য এয়া। জৰাজীৰ্ণ এই ঘৰটোত এনেদৰে শুদা ভাত খাই দিন কটাই আইতা চাৰু ৰাভাই। বহু বছৰ পুৰ্বে আইতাগৰাকীৰ স্বামী যোগেন ৰাভাৰ মৃত্যু হোৱাত সম্প্ৰতি নিঠৰুৱা হয় বৃদ্ধাগৰাকী। ইফালে একমাত্ৰ পুত্ৰ-দুই কন্যাক স্বামীৰ মৃত্যুৰ পিছতেই নিষ্ঠুৰ নিয়তীয়ে কাঢ়ি লৈ যোৱাত থানবান হৈ যায় পৰিয়ালৰ সপোনবোৰ।
ৰ'দ-বৰষুণ-বতাহ-ধুমুহা আহিলে এই জুপুৰী ঘৰটোতেই আইতাৰ শেষ ভৰসা। কাণেৰে-চকুৰে ভালকৈ দেখা আৰু শুনা নাপায়। খুজি-মাগি কোনোমতে দুবেলা-দুমুঠি যোগাৰ কৰি পেটৰ ভাতমুঠি মোকলাই যদিও প্ৰতিদিনে আইতাই খুজিবলৈও যোৱাটো অসম্ভৱ হৈ পৰে। অৱশ্যে মাজে সময়ে ৰাণীৰ স্থানীয় লোকে মানৱীয়তাৰে মাজে-সময়ে সহায়-সহযোগিতা আগবঢ়াই আহে আইতাগৰাকীক। সেয়াও যথেষ্ট নহয়। চৰকাৰী বৰঘৰীয়াৰো চকুত নপৰে আইতাৰ মৰ্মবেদনাৰ এই কথাবোৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|