অৱশেষত মানিলে সেও! নিলম্বিত অসমীয়া শিক্ষয়িত্ৰীক পুনৰ পদত বাহাল ৰাখিলে জৱাহৰ নৱোদয় বিদ্যালয়ে

News18 Assam | News18-Assam
Updated:December 28, 2019, 6:33 PM IST
অৱশেষত মানিলে সেও! নিলম্বিত অসমীয়া শিক্ষয়িত্ৰীক পুনৰ পদত বাহাল ৰাখিলে জৱাহৰ নৱোদয় বিদ্যালয়ে
CAA-ৰ বিৰোধিতা কৰি ফেচবুক পষ্ট দিয়াৰ বাবে নিলম্বন কৰা বন্দিতা বৰাৰ বাতৰিয়ে দখল কৰিছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামো। 

CAA-ৰ বিৰোধিতা কৰি ফেচবুক পষ্ট দিয়াৰ বাবে নিলম্বন কৰা বন্দিতা বৰাৰ বাতৰিয়ে দখল কৰিছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামো। 

  • Share this:
অৱশেষত CAA-ৰ বিৰোধিতাৰে ফেচবুকত পষ্ট দিয়াৰ কাৰণে তিতাবৰৰ জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই নিলম্বন কৰা এগৰাকী অসমীয়া শিক্ষয়িত্ৰীক পুনৰ কাৰ্যত যোগদানৰ অনুমতি দিবলৈ বাধ্য হ’ল।

বিদ্যালয়খনৰ অধ্যক্ষ মুকেশ কুমাৰে বন্দিতা বৰা নামৰ কম্পিউটাৰ বিজ্ঞানৰ শিক্ষক তথা ছিষ্টেম এডমিনিষ্ট্ৰেটৰগৰাকীক ‘দুৰ্বল প্ৰদৰ্শন’ৰ অজুহাতত ২৪ ডিচেম্বৰত নিলম্বন কৰিছিল। 

প্ৰকৃততে বন্দিতা বৰাই নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে ফেচবুকত পষ্ট কৰাৰ কাৰণে নিলম্বন কৰা হৈছিল বুলি নিলম্বিত শিক্ষয়িত্ৰীগৰাকীয়ে মুকলিকৈ অভিযোগ কৰিছিল।

নিলম্বিত হোৱাৰ আগে আগে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আইনখনৰ বিৰোধিতাত কৰা এখন সভাৰ সমৰ্থনতো তেওঁ থিয় দিছিল।

এই গোটেই বিষয়টো ৰাজহুৱা হোৱাত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিদ্যালয় কৰ্তৃপক্ষক ২৪ ঘণ্টাৰ ভিতৰত শিক্ষয়িত্ৰীগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছিল।

শিক্ষয়িত্ৰীগৰাকী আৰু ছাত্ৰীসকলৰ ভাষ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত  দেশৰ আন আন প্ৰান্ততো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

আনহাতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সংবাদ মাধ্যমৰ আগত অভিযোগ, এজন অনা অসমীয়া শিক্ষকে CAA-বিৰোধী সভা পতা বাবে ছাত্ৰ-ছাত্ৰীসকলক ইতিকিং কৰিছিল আৰু “অসমীয়াসকল অশিক্ষিত বাবে CAA-ৰ বিৰোধিতা কৰিছে” বুলি মন্তব্য কৰিছিল।

উক্ত সভাখনত ছাত্ৰ-ছাত্ৰীসকলে কবিতা, গান, বক্তৃতাৰে বিৰোধ কৰাৰ লগতে শিক্ষাৰ্থীসকলে 'NO CAA', 'জয় আই অসম' লিখা বেজ পিন্ধিছিল।

শিক্ষকজনৰ এনেদৰে ঠাট্টা কৰাৰ বিষয়ে ছাত্ৰীসকলে বন্দিতা বৰাক অৱগত কৰিছিল আৰু বৰাই সেয়া শিক্ষকজনৰ ভুল হৈছে আৰু তেওঁ ক্ষমা খুজিব লাগে বুলি দাবী কৰিছিল। ইয়াৰ পিছতে তেওঁক নিলম্বন কৰে অধ্যক্ষ মুকেশ কুমাৰে।

এই অন্যায়ৰ বিৰুদ্ধে স্থানীয় আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দিয়া তীব্ৰ হেঁচাৰ বাবে অধ্যক্ষ মুকেশ কুমাৰক জৱাহৰ নৱোদয় বিদ্যালয় সমিতিৰ আঞ্চলিক কাৰ্য্যালয়লৈ তলব কৰে সমিতিৰ উপায়ুক্ত শ্যামলিমা ডেকাই। ইয়াৰ পিছতে আলোচনামৰ্মে শিক্ষয়িত্ৰীগৰাকীক তেওঁৰ পদত পুনৰ বাহাল ৰখাৰ বাবে সিদ্ধান্ত হয়।

 

 
Published by: Tulika Devi
First published: December 28, 2019, 6:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading