একেলগে আত্মজাহ দিব ৩৭৭৩ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে। দীৰ্ঘ চাৰি বছৰৰ পৰা দৰমহা লাভ নকৰা এই কৰ্মচাৰীসকলে অৱশেষত বাছি লৈছে আত্মজাহৰ পথ। এওঁলোক হল সাক্ষৰ ভাৰত মিছনৰ অধীনত নিয়োগ লাভ কৰা চৰকাৰী কৰ্মী ।
২০০১ চনৰ লোকপিয়ল অনুসৰি দেশৰ যিবোৰ জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ ৫০ শতাংশ বা তাতকৈ কম, সেই জিলাবোৰক সাঙুৰি ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযানে ২০০৯ চনৰ ৮ ছেপ্তেম্বৰত মুকলি কৰিছিল সাক্ষৰ ভাৰত অভিযানৰ।
এই আঁচনিয়ে অসমৰ বাৰখন জিলা যেনে- ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু হাইলাকান্দিৰ গ্ৰামাঞ্চলসমূহক সামৰি লৈছিল। ২০০৯-১০ শিক্ষা বৰ্ষৰ পৰা এতিয়ালৈকে এই বাৰখন জিলাত কাম কৰি আহিছে স্বাক্ষৰ ভাৰত মিছনৰ অধীনৰ মুঠ ৩৭৭৩ গৰাকী কৰ্মীয়ে ।
কিন্তু ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা হঠাতে বন্ধ হৈ পৰে এই কৰ্মচাৰীসকলৰ দৰমহা। পিছত ২০১৮ চনৰ মাৰ্চ মাহৰ পৰা হঠাতে বন্ধ কৰি দিয়া হয় এই সাক্ষৰ ভাৰত মিছনৰ সকলো কাম–কাজ । বৰ্তমানে দীৰ্ঘ তিনি বছৰৰ পৰা কৰ্মহীন হৈ পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে এইসকল চৰকাৰী কৰ্মীৰ।
দীৰ্ঘ চাৰি বছৰৰ পৰা দৰমহা লাভ নকৰা এই কৰ্মীসকলে আজি হাইলাকান্দিত এক সংবাদমেল পাতি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰক এই ৩৭৭৩ কৰ্মীক অন্য বিভাগত স্থানান্তৰ কৰিবলৈ আহ্বান জনায় সদৌ অসম সাক্ষৰ ভাৰত কৰ্মচাৰী পৰিষদৰ সদস্যসকলে। অন্যথা, তেওঁলোকে আত্মজাহ দিবলৈ বাধ্য হ'ব বুলিও মন্তব্য আগবঢ়ায় সাক্ষৰ ভাৰত মিছনৰ কৰ্মচাৰীসকলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|