চুড়ান্ত অনিশ্চয়তাৰ মাজতে ইউক্ৰেইন (Ukraine)ৰ পৰা নিৰাপদে অসমত উপস্থিত হ'ল অসমৰ দুগৰাকী ছাত্ৰী। তন্ময়ী পৰাশৰ আৰু ছিয়া দাস নামৰ এই ছাত্ৰী দুগৰাকী শনিবাৰে নিশা মুম্বাই (Mumbai)ৰ ছত্ৰপতি শিৱাজী বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰত মুম্বাইৰ অসম ভৱনৰ বিষয়াই দুয়োকে চমজি লয়। ছাত্ৰী দুগৰাকীক আজি পুৱা ইণ্ডিগো বিমানযোগে অসমলৈ অনা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই দুয়োৰে নিৰাপদ আগমনত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্বাগতম জনায়।
আজি মুম্বাইৰ পৰা ইণ্ডিগ বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় তন্ময়ী পৰাসৰ আৰু ছিয়া দাস । গুৱাহাটীৰ বাসিন্দা মধুমীতা চৌধুৰী মৰল আৰু অসমীজ্যোতি মৰলৰ কন্যা তন্ময়ী পৰাসৰ, হৰিৰাম দাস আৰু ৰিজুৰেখা দাসৰ কন্যা ছিয়া দাসক কাষত পায় আৱেগিক হৈ পৰিল পিতৃ মাতৃ । নিজৰ সন্তানক সুকলমে পায় সুখী দুয়োটি পৰিয়াল।
"ইউক্রেইনত শিক্ষা গ্রহণ কৰি থকা আমাৰ অসমৰ শিক্ষাৰ্থী তন্ময়ী আৰু ছিয়াক আমি স্বাগতম জনাইছোঁ। তেওঁলোকক ইউক্ৰেইনৰ পৰা সফলতাৰে লৈ অনা হৈছে আৰু এতিয়া সুৰক্ষিতভাৱে মুম্বাইত উপস্থিত হৈছে। আমি অসম ভৱনৰ বিষয়াৰ দ্বাৰা মুম্বাইত তেওঁলোকৰ থকাৰ ব্যৱস্থাৰ লগতে বিনামূলীয়া ভ্রমণেৰে গুৱাহাটীলৈ অহাৰ বাবে সকলো ব্যৱস্থা কৰি আছোঁ । এনে স্পর্শকাতৰ সময়ত এনেধৰণৰ শিক্ষাৰ্থীসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ আমি বদ্ধপৰিকৰ।" ছচিয়ল মিডিয়াত এই দৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইউক্ৰেইনত আবদ্ধ হৈ থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকলক (Assam Students in Ukraine) নিৰাপদে ঘূৰাই অনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদেশ মন্ত্ৰালয়ক আবেদন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। একে সময়তে সকলে অভিভাৱককে ভাৰত চৰকাৰৰ ওৰত আস্থা ৰাখিবলৈ অনুৰোধ জনাইছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে কোৱা মতে ইউক্ৰেইনত অসমৰ ১০০ৰো অধিক ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে। তন্ময়ী আৰু ছিয়াৰ পূৰ্বে ৫ গৰাকী ছাত্ৰ-ছাত্ৰী অসমলৈ উভতি আহিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : February 27, 2022, 10:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।