ৰাছিয়াৰ আক্ৰমণৰ পাছতে ইউক্ৰেইনত (Russia Attacked Ukraine) বৰ্তমান জৰুৰী অৱস্থা ঘোষণা । শংকিত হৈ পৰিছে ভাৰতীয়ৰ লগতে অসমৰ বহু শিক্ষাৰ্থী (Assam Students in Ukraine) ৷ খাদ্য, পানী আৰু ঔষধ আগতীয়াকৈ মজুত ৰাখিবলৈ চৰকাৰী ঘোষণাৰ পিছতেই তীব্ৰ সংকটত ভূগিছে তাত থকা অসমৰ বিভিন্ন স্থানৰ ছাত্র- ছাত্ৰী সকলে । যি কোনো মূহূৰ্ততে তীব্ৰ খাদ্য সংকটত ভূগিব পাৰে জনতা ।
চিকিৎসা বিজ্ঞান বিভাগত অধ্যয়নৰত ৰহাৰ ভাৰ্গৱী গগৈ (Bhargavi Gogoi)ও বৰ্তমান আবদ্ধ হৈ আছে ইউক্ৰেইন ((Ukraine)ত। ইউক্ৰেইনত হৈ থকা শেহতীয়া অৱস্থাৰ বিষয়ে ভিডিঅ' কল যোগে জনালে ৰহাৰ ভাৰ্গবী গগৈয়ে। ভিডিঅ' কলৰ জৰিয়তে শীঘ্ৰে ভাৰত চৰকাৰক তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালে ভাৰ্গৱীৰ লগতে অসমৰ কেইবাজনো ছাত্ৰই।
ইপিনে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰ্গৱীক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰহাত থকা তেওঁৰ পৰিয়াল।
ইউক্ৰেইনৰ পৰা ইতিমধ্যে উভতি আহিছে সকলো বিমান ৷ এতিয়াও ইউক্ৰেইনত আবদ্ধ অসমৰ বহু ছাত্ৰ ছাত্ৰী ৷ সোনকালে স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ অসমৰ ছাত্ৰ-ছাত্ৰীৰ ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|