এটা ভাল খবৰ, শীঘ্ৰে ৰূপচী বিমানবন্দৰৰ পৰা উৰিব বিমান

News18 Assam | News18-Assam
Updated:January 11, 2020, 10:45 AM IST
এটা ভাল খবৰ, শীঘ্ৰে ৰূপচী বিমানবন্দৰৰ পৰা উৰিব বিমান
১০ ফেব্ৰুৱাৰীত অৰ্থাৎ বড়ো চুক্তি দিৱসৰ দিনা ৰূপচী বিমানবন্দৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ যো-জা চলাইছে বিটিচি প্ৰশাসনে।

১০ ফেব্ৰুৱাৰীত অৰ্থাৎ বড়ো চুক্তি দিৱসৰ দিনা ৰূপচী বিমানবন্দৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ যো-জা চলাইছে বিটিচি প্ৰশাসনে।

  • Share this:
নামনি অসমৰ একমাত্ৰ বিমানবন্দৰ ৰূপচী বিমানবন্দৰৰ পুনৰ নিৰ্মাণৰ কাম ১৪ মাহৰ ভিতৰতে সমাপ্ত হ’ল।প্ৰধানমন্ত্ৰীৰ উৰাণ ২ আচঁনিৰ অধীনত এই নিৰ্মাণকাৰ্য চাৰিটা কোম্পানীয়ে ২০১৯ চনৰ অক্টোবৰতে সমাপ্ত কৰি তুলিছে। এতিয়া কেবল সময়ৰ অপেক্ষা, চৰকাৰী নিৰ্দেশনা আহিলেই ৰূপচী বিমানবন্দৰৰ পৰা উৰিব বিমান।

প্ৰথমতে গুৱাহাটী-ৰূপচীৰ মাজত বিমান চলাৰ সম্ভাৱনা আছে যদিও এক সূত্ৰ মতে কলকাতা -ৰূপচী-গুৱাহাটীৰ মাজতো বিমান চলাচলৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। কাৰণ বিগত মাহত নামনি অসমৰ লগতে উত্তৰ বংগৰ বিমান যাত্ৰীয়ে টিকট ক্ৰয় কৰা বেচৰকাৰী এজেঞ্চীসমূহৰ ওপৰত এক জৰীপ চলোৱা হৈছিল। উক্ত জৰীপত কলকাতা-গুৱাহাটী বিমানপথৰ অধিকাংশ যাত্ৰী এই অঞ্চলৰ বুলি তথ্য লাভ কৰা বুলি সূত্ৰ এটাই প্ৰকাশ কৰিছে। তেনে ক্ষেত্ৰত কলকাতা-ৰূপচী-গুৱাহাটী অথবা গুৱাহাটী-ৰূপচী-কলকাতাৰ মাজত প্ৰথমখন বিমান প্ৰায় ৩৫ বছৰ বিৰতিৰ পিছত চলাচলৰ সম্ভবনা প্ৰবল হৈ পৰিছে।

আগন্তুক ১০ ফেব্ৰুৱাৰীত অৰ্থাৎ বড়ো চুক্তি দিৱসৰ দিনা ৰূপচী বিমানবন্দৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ যো-জা চলাইছে বিটিচি প্ৰশাসনে। এই মন্তব্য কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীৰ মতে ১০ ফেব্ৰুৱাৰীত ৰূপচী বিমানবন্দৰৰ পৰা বিমান সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ইতিমধ্যে দাবী উত্থাপন কৰা হৈছে।

ৰূপচী বিমানবন্দৰ পুনৰ কাৰ্যক্ষম হৈ পৰিলে নামনি অসমৰ যোগাযোগ ব্যৱস্থাৰ লগতে ব্যৱসায় বাণিজ্যত এক নতুন দিগন্তৰ সূচনা হ’ব বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি