উল্লেখ্য যে নামনি অসমৰ এই ৰূপসী বিমানবন্দৰে চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ লগতে নামনি অসমৰ ধুবুৰী কোকৰাঝাৰ ৰ লগতে মেঘালয়ৰ বৃহৎ এটা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ সক্ষম হব।
উল্লেখ্য যে নামনি অসমৰ এই ৰূপসী বিমানবন্দৰে চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ লগতে নামনি অসমৰ ধুবুৰী কোকৰাঝাৰ ৰ লগতে মেঘালয়ৰ বৃহৎ এটা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ সক্ষম হব।
শীঘ্ৰেই দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ব নামনি অসমৰ লগতে পশ্চিম বংগৰ এটা বিশেষ অঞ্চলৰ । কাৰণ দীৰ্ঘ প্ৰায় ৪০ বছৰ পিছত প্ৰথমবাৰৰ বাবে ৰূপসী বিমানবন্দৰত পৰীক্ষণ ৰ বাবে এখন বিশেষ বিমান অৱতৰনক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যপক উৎসাহ দেখা গৈছে।
দেওবাৰে অসামৰিক বিমান প্ৰাধিকৰনৰ এখন বিশেষ বিমানে নৱনিৰ্মিত ৰূপসী বিমান বন্দৰৰ ৰানওৱেৰ লগতে এটিচি টাৱাৰ আৰু আন আন পেৰমিটাৰৰ বিস্তৃত পৰীক্ষন কৰে।
পিছত AAI ৰ সূত্ৰই সাদৰী কৰা মতে উক্ত পৰীক্ষণত ৰূপসী বিমানবন্দৰ যাত্ৰীবাহী বিমান চলোৱাৰ বাবে সাজু হৈ উঠিছে বুলি সেউজ সংকেত লাভ কৰিছে।
ফলস্বৰূপে অঞ্চলবাসী ৰাইজৰ দীৰ্ঘদিনিয়া সপোন পূৰণ হোৱাৰ দিশত এখন গুৰুত্বপূৰ্ণ খোজ আগবাঢ়িছে বুলি বহুতেই দাবী কৰিছে ।
শীঘ্ৰেই ৰূপসী বিমানবন্দৰত বিমান চলাচল কৰিব বুলিও সূত্ৰটোৱে স্পষ্ট কৰিছে । ৰবিবাৰে পৰীক্ষণৰ বাবে অৱতৰণ কৰে এখন বিশেষ বিমান প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ উৎফুল্লিত হৈ উঠাও পৰিলক্ষিত হয়। অৱশ্যে এতিয়ালৈকে কব পৰা হোৱা নাই কেতিয়াৰ পৰা আৰম্ভ হব যাত্ৰীবাহী বিমান চলাচল । কিন্তু এই বিমানখন অৱতৰণৰ পিছতেই সকলোৱে আশা কৰিছে অতি শীঘ্ৰেই আৰম্ভ হব বিমান চলাচল ।
উল্লেখ্য যে নামনি অসমৰ এই ৰূপসী বিমানবন্দৰে চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ লগতে নামনি অসমৰ ধুবুৰী কোকৰাঝাৰ ৰ লগতে মেঘালয়ৰ বৃহৎ এটা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ সক্ষম হব। উল্লেখ্য যে নামনি অসমৰ এই ৰূপসী বিমানবন্দৰে চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ লগতে নামনি অসমৰ ধুবুৰী কোকৰাঝাৰ ৰ লগতে মেঘালয়ৰ বৃহৎ এটা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ সক্ষম হব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|