১৭০০টকাত ৬ঘণ্টীয়া গুৱাহাটী–ধুবুৰী যাত্ৰা সম্পূৰ্ণ হ’ব ২০মিনিটত! সম্পূৰ্ণ সাজু ৰূপসী বিমানবন্দৰ
News18-Assam Updated:September 24, 2019, 12:39 PM IST

অক্টোবৰতে উৰিব পাৰে ৩৬ বছৰৰ অন্তৰালত প্ৰথমখন বিমান।
অক্টোবৰতে উৰিব পাৰে ৩৬ বছৰৰ অন্তৰালত প্ৰথমখন বিমান।
- News18 Assam
- Last Updated: September 24, 2019, 12:39 PM IST

দ্বিতীয় বিশ্ব যুদ্ধৰ স্মৃতি বহন কৰা এই বিমান বন্দৰ পুনৰ নিৰ্মাণৰ কাম ২০১৮ চনৰ মে’ মাহত হাবি বন চাফা কৰি আৰম্ভ হৈছিল। ছেপ্টেম্বৰ ২০১৯ৰ ভিতৰত কাম সমাপন হোৱাৰ অন্তৰালত কঠোৰ পৰিশ্ৰম আৰু দিল্লী-দিছপুৰৰ সঠিক সংযোগ ৰক্ষাৰ বাবেই সম্ভৱ হোৱা বুলি কোৱা হৈছে।


ৰূপসী বিমানবন্দৰৰ ৰানৱে’ বৰ্তমানে ATR 72 বিভাগৰ বিমান উৰুৱাবলৈ সক্ষম হৈ পৰিছে। প্ৰথম পৰ্যায়ত ৰূপসীৰ পৰা গুৱাহাটীলৈ আৰম্ভ হ’ব লগীয়া এই সেৱা কেৱল চৰকাৰী ঘোষনাৰ অপেক্ষাৰত ।
336 একৰ মাটি কালিত 1800 মিটাৰ ৰানৱে’ যুক্ত ৰূপসী বিমানবন্দৰৰ নিৰ্মানৰ কামত পাচঁটা কৈ কোম্পানীয়ে নিবিদা লাভ কৰি সময়ৰ আগতেই সম্পূৰ্ণ কৰি পেলাবলৈ সক্ষম হৈছে ।