உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৮ মে’ৰ পৰা উত্তৰ–পূবৰ আকাশত FLYBIG! এটা দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ পথত

    ৮ মে’ৰ পৰা উত্তৰ–পূবৰ আকাশত FLYBIG! এটা দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ পথত

    সকলো ঠিকেই থাকিলে অহা ৮ মে’ৰ পৰা প্ৰায় চাৰিটা দশকৰ অন্তত ৰূপচীৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল আৰম্ভ হ’ব।

    সকলো ঠিকেই থাকিলে অহা ৮ মে’ৰ পৰা প্ৰায় চাৰিটা দশকৰ অন্তত ৰূপচীৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল আৰম্ভ হ’ব।

    সকলো ঠিকেই থাকিলে অহা ৮ মে’ৰ পৰা প্ৰায় চাৰিটা দশকৰ অন্তত ৰূপচীৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল আৰম্ভ হ’ব।

    • Share this:
    শীঘ্ৰেই দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ব নামনি অসমৰ লগতে পশ্চিম বংগৰ এটা বিশেষ অঞ্চলৰ। কাৰণ প্ৰায় ৪০ বছৰ পিছত  প্ৰথমবাৰৰ বাবে ৰূপসী বিমানবন্দৰত পৰীক্ষণৰ বাবে এখন যাত্ৰীবাহী বিশেষ বিমান দ্বিতীয়বাৰৰ বাবে অৱতৰৱক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যপক উৎসাহ দেখা গৈছে।

    বুধবাৰে FLYBIG কোম্পানীৰ এখন যাত্ৰীবাহী বিমানে নৱনিৰ্মিত ৰূপচী বিমানবন্দৰৰ ৰানৱে’ৰ লগতে এটিচি টাৱাৰ আৰু আন আন পেৰামিটাৰৰ বিস্তৃত পৰীক্ষণ সম্পন্ন কৰে।
    পিছত AAIৰ সূত্ৰই সদৰী কৰা মতে, উক্ত পৰীক্ষণত ৰূপসী বিমানবন্দৰ যাত্ৰীবাহী বিমান চলোৱাৰ বাবে সাজু হৈ উঠিছে বুলি সেউজ সংকেত লাভ কৰাৰ লগতে উক্ত বিষয়ত আজি কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।

    উক্ত বৈঠকত সকলো ঠিকেই থাকিলে অহা ৮ মে’ৰ পৰা প্ৰায় চাৰিটা দশকৰ অন্তত ৰূপচীৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল আৰম্ভ হ’ব। ফলস্বৰূপে অঞ্চলবাসী ৰাইজৰ দীৰ্ঘদিনিয়া সপোন পূৰণ হোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ খোজ আগবাঢ়িছে বুলি বহুতেই মন্তব্য কৰিছে।

    প্ৰাপ্ত তথ্য মতে, FLYBIG কোম্পানীৰ এখন যাত্ৰীবাহী বিমানে গুৱাহাটীৰ পৰা পুৱা ৮ বাজি ৩৫ মিনিটত যাত্ৰা আৰম্ভ কৰি ৯ বাজি ১০ মিনিটত ৰূপচী পাব। ৰূপচীত আধা ঘণ্টা ষ্টপেজ দি পুনৰ ৯ বাজি ৪০ মিনিটত কলকাতাৰ বাবে ৰওনা দিব। উক্ত বিমানখনেই পুনৰ কলকাতাৰ পৰা ৰূপচী হৈ গুৱাহাটীলৈ যাব। ৩০ মে’ৰ পিছত সকলো ঠিকেই থাকিলে একেখন বিমানে পুৱা ৬.৩০ বজাত গুৱাহাটীৰ পৰা ৰাওনা হৈ ৰূপচী-কলকাতা হৈ পুনৰ একেই পথেদি গুৱাহাটীলৈ যাব আৰু তাৰ পিছত আগৰতলা-ডিব্ৰুগড়-আগৰতলা হৈ পুনৰ ডিব্ৰুগড় পাব। কেৱল সেয়াই নহয় FLYBIG নামৰ কোম্পানীটোৱে গুৱাহাটী-আগৰতলা - শিলঙৰ মাজতো একেটা দিনৰ পৰা দৈনিক বিমান চলোৱাৰ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে।

    শীঘ্ৰেই ৰূপচী বিমানবন্দৰত বিমান চলাচল কৰিব বুলিও সূত্ৰটোৱে স্পষ্ট কৰাৰ পিছতে স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। বুধবাৰে পৰীক্ষণৰ বাবে অৱতৰণ কৰা এখন বিশেষ বিমান প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ উৎফুল্লিত হৈ উঠাও পৰিলক্ষিত হয়। অৱশ্যে বৰ্তমানৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি  এতিয়ালৈকে ক’ব পৰা হোৱা নাই যে ৮ মে’ৰ পৰা আৰম্ভ হ’বনে নাই যাত্ৰীবাহী বিমানৰ চলাচল।
    Published by:Sanjay Kumar Das
    First published: