মুখ্যপৃষ্ঠা » খবৰ

» অসম

»By Election: উপ নিৰ্বাচনত মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েই হ'ব। দলে সিদ্ধান্ত লৈ থৈছে- মন্ত্ৰী পীয়ুষ হাজৰিকা             

By Election: উপ নিৰ্বাচনত মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েই হ'ব। দলে সিদ্ধান্ত লৈ থৈছে- মন্ত্ৰী পীয়ুষ হাজৰিকা             

News18 Assam | News18-Assam
Updated:September 14, 2021, 7:19 PM IST
By Election: উপ নিৰ্বাচনত মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েই হ'ব। দলে সিদ্ধান্ত লৈ থৈছে- মন্ত্ৰী পীয়ুষ হাজৰিকা             
বিধান সভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হাতত মাত্ৰ ২২০০ ভোটত পৰাজিত হোৱা বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীও বিজেপিৰ প্ৰাৰ্থীত্বৰ শক্তিশালী  দাবীদাৰ।

বিধান সভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হাতত মাত্ৰ ২২০০ ভোটত পৰাজিত হোৱা বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীও বিজেপিৰ প্ৰাৰ্থীত্বৰ শক্তিশালী  দাবীদাৰ।

  • News18 Assam
  • Last Updated: September 14, 2021, 7:19 PM IST
  • Share this:
উপ নিৰ্বাচনত মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়েই বিজেপি প্ৰাৰ্থী হ'ব আৰু এই সন্দৰ্ভত দলে সিদ্ধান্ত লৈ থৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। মঙলবাৰে  মৰিয়নি সমষ্টিৰ আঠটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা, শিক্ষা মন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগুয়ে। আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভা আৰু লোকসভাৰ সাংসদদ্বয় ক্ৰমে কামাখ্যা প্ৰসাদ তাছা আৰু তপন কুমাৰ গগৈকে ধৰি জিলা বিজেপিৰ কেইবাগৰাকীও নেতা।

মন্ত্ৰী দুগৰাকীয়ে মৰিয়নি সমষ্টিৰ অন্তৰ্গত গটঙা - সোনাপুৰ গাঁও সংযোগী পথ, নিউ সোনোৱাল কানখোৱা গাঁৱৰ পথ, বছাগাঁ‌ও পাঞ্চোৱাল গাঁৱৰ পথ, হোনোৱাল-হাতীজুৰি- নগাধুলি চাহ বাগিচা সংযোগী পথ, নাগিনীজান চাহ বাগিচাৰ পৰা নাগিনীজান বিঅ'পি সংযোগী পথ, মগ্ৰৈ গাঁৱৰ পথ, ধোদৰ আলিৰ মাছখোৱা আৰু চেলেংহাটলৈকে পথছোৱা, কুকুৰাচোৱা- চিৰাখুন্দা- কমাৰগাঁ‌ও সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে।

আনহাতে আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি  মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, "উপ  নিৰ্বাচনৰ পূৰ্বে এইয়া আধাৰশিলা ৰাজনীতি নহয়। আজিৰ পৰাই পথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব"।

ইফালে উপনিৰ্বাচনত মৰিয়নিত বিজেপি প্ৰাৰ্থী সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় "মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী হোৱাটো নিশ্চিত। এইটো দলে সিদ্ধান্ত লৈ থৈছে"।  উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা জয়ী হোৱাৰ দুমাহৰ পাছতে ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ তথা দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।

মনকৰিবলগীয়া যে, যোৱা বিধান সভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হাতত মাত্ৰ ২২০০ ভোটত পৰাজিত হোৱা বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীও বিজেপিৰ প্ৰাৰ্থীত্বৰ শক্তিশালী  দাবীদাৰ। ইয়াৰ উপৰি নবিজেপি তথা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিতৰ্কিত কৰ্মকাণ্ডই দলৰ ভাবমূৰ্তি ম্লান কৰাৰ অভিযোগ তুলি বিজেপি দলৰ যোৰহাট জিলাৰ একাংশ আগশাৰী নেতাই উপনিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীক দলৰ টিকট দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰি অহা বুলি জানিব পৰা গৈছে। এই নেতাসকলে ৰাজ্যিক বিজেপিক হেঁচা প্ৰয়োগ কৰি অহা বুলিও চৰ্চিত হৈছে। এনে প্ৰেক্ষাপটত মৰিয়নিত ন বিজেপি ৰূপজ্যোতি কুৰ্মীক মৰিয়নিৰ উপনিৰ্বাচনত দলে টিকত দিয়াৰ সিদ্ধান্ত লৈ থোৱা বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্তব্য কৰি আওপকীয়াকৈ ৰূপজ্যোতিক বিৰোধীতা কৰা জিলা পৰ্যায়ৰ সেই বিজেপি নেতা সকলকো সকীয়নি প্ৰদান কৰা বুলি চৰ্চিত হৈছে।
Published by: Manjumoni Borah
First published: September 14, 2021, 7:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি