ক'ভিড পৰিস্থিতিয়ে সকলোকে উদ্বিগ্ন কৰি ৰখাৰ সময়তে যোৰহাটত চৰ্চাত আছে এগৰাকী জনপ্ৰিয় ৰাজনীতিক । যিসময়ত আৰক্ষী-প্ৰশাসনে কোনো লোককে উপযুক্ত কাৰণ নহলে ৰাজপথলৈ ওলাবলৈ দিয়া নাই , সেই সময়তে ৰাজনীতিকগৰাকী ব্যস্ত আছে এজাক যুৱকৰ সৈতে খেলপথাৰত ফুটবল খেলৰ প্ৰস্তুতি চলোৱাত । শেহতীয়া ক'ভিড পৰিস্থিতিৰ মাজত যোৰহাটবাসী ৰাইজ তথা সমগ্ৰ প্ৰশাসন যন্ত্ৰ বন্দী হৈ পৰাৰ সময়তে মৰিয়নি সমষ্টিৰ সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণে যোৰহাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে চৰম অস্বস্তিত পেলাইছে যোৰহাট জিলা প্ৰশাসনক ।
বিজেপি নেতা ৰূপজ্যোতি কুৰ্মীৰ কৰ্মকাণ্ডই চিন্তাত পেলাইছে সকলোকে । ইতিমধ্যে ৰাইজৰ মাজত বিয়পি পৰিছে কিছুমান ফটো । যোৰহাটৰ ক'ভিড পৰিস্থিতি অতিকৈ স্পৰ্শকাতৰ হৈ থকা সময়তে ৰূপজ্যোতি কুৰ্মীৰ দৰে জনপ্ৰিয় ৰাজনৈতিক নেতা এগৰাকীৰ এনেবোৰ দৃশ্যই শেহতীয়াকৈ বিৰূপ প্ৰভাৱ পেলাইছে যোৰহাটত । যিসময়ত যোৰহাটত দুদিনৰ বাবে গেলামাল, পাচলি, ফলমূলৰ বিক্ৰী পৰ্যন্ত বন্ধ কৰি লকডাউন অধিক কঠোৰ কৰি তোলা হৈছে সেই সময়ত ৰূপজ্যোতি কুৰ্মীয়ে চাহ বাগিচাৰ যুৱকসকলক ফুটবল প্ৰদান কৰি উৎসাহ যোগাইছে ফুটবল খেলিবলৈ । কোনো মাস্ক পৰিধান নকৰাকৈ প্ৰায় ৪০ জন যুৱকৰ সৈতে যোৱা ১১ জুলাইত মৰা এখন ফটোৱে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অস্বস্তিত পৰিছে সৰ্বসাধাৰণৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা যোৰহাট জিলা প্ৰশাসনো ।
উল্লেখ্য যে যোৰহাটৰ ক'ভিড পৰিস্থিতি অতিকৈ উদ্বেগজক হৈ থকা সময়তে ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত যোৱা ৪ জুলাইতো মৰিয়নিত অনুষ্ঠিত হৈছিল কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান সমাৰোহ । এছঅ'পি অনুসৰি সেই সময়ত যোৰহাটত সকলো ধৰণৰ মেল-মিটিং অনুষ্ঠিত কৰাটো নিষিদ্ধ আছিল। কিন্তু ক'ভিড বিধি ধোৱাচাঙত তুলি এই অনুষ্ঠানতো কেইবা শ লোকে অংশ গ্ৰহণ কৰিছিল । ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত ।
" আমি এই দৃশ্য দেখি আশ্চৰ্য বোধ কৰিছো । যোৰহাটৰ কভিড পৰিস্থিতি অতিকৈ উদ্বেগজনক হৈ থকা সময়ত এগৰাকী জনপ্ৰতিনিধিয়ে এনে আচৰণ প্ৰদৰ্শন কৰাটো অতিকৈ দূৰ্ভাগ্যজনক । এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষী কিছু অধিক সচেতন হোৱাটো প্ৰয়োজন । ", যোৰহাট জিলা ছাত্র সন্থাৰ সভাপতি বিজয় শঙ্কৰ বৰদলৈয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
আনহাতে এই সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীক অৱগত কৰাত তেওঁ কয় যে এতিয়াৰে পৰা তেওঁ আৰু এনে ধৰণৰ কাম নকৰে ।
"দৰাচলতে প্ৰশাসনে ৰাইজৰ মাজত কথাবোৰ ভালদৰে প্ৰচাৰ কৰিব পৰা নাই । আমাৰ ইয়াত ল'ৰাবোৰে ফুটবল খেল খেলি আছে । বল ফাটি যোৱাত মোক এটা ফুটবল বিচাৰিছে আৰু মই গৈ ল'ৰাবোৰক বলটো দিছো । এই ক্ষেত্ৰত প্ৰশাসনৰো কিছু কৰণীয় আছে।" মৰিয়নি সমষ্টিৰ সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কয় ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|