‘ৰাছিয়াৰ বিশেষজ্ঞহে আচল, ছিংগাপুৰৰ বিশেষজ্ঞ নকল’,বাঘজানত উপস্থিত হৈ এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

News18 Assam | News18-Assam
Updated:June 11, 2020, 9:23 PM IST
‘ৰাছিয়াৰ বিশেষজ্ঞহে আচল, ছিংগাপুৰৰ বিশেষজ্ঞ নকল’,বাঘজানত উপস্থিত হৈ এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে
এফালে বাঘজানৰ তৈলখাদৰ জুই, আনফালে নেতাৰ মুখ চুপতি!

এফালে বাঘজানৰ তৈলখাদৰ জুই, আনফালে নেতাৰ মুখ চুপতি!

  • Share this:
এফালে বাঘজানৰ তৈলখাদৰ জুই, আনফালে নেতাৰ মুখ চুপতি! এইবাৰ বিশেষজ্ঞৰ ওপৰত মন্তব্য কৰি চৰ্চালৈ আহিছে ৰূপজ্যোতি কুৰ্মী। বৃহস্পতি বাৰে বাঘজানত উপস্থিত হয় মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী। কংগ্ৰেছী বিধায়ক গৰাকীৰ মন্তব্য, ৰাছিয়াৰ পৰা অচল বিশেষজ্ঞ আনক আৰু বৰ্তমান বাঘজানত উপস্থিত হোৱা ছিংগাপুৰৰ বিশেষজ্ঞ সকল হৈছে নকল।

লগতে মৰিয়নীৰ কংগ্ৰেছী বিধায়কগৰাকীয়ে অসম চৰকাৰক সমালোচনা কৰি কয় যে, ‘২৭ মে' তাৰিখৰ পৰা বাঘজানত এনে ধৰণৰ ঘটনা আৰম্ভ হৈছিল। এতিয়া ১৪ দিনৰ পিছত চন্দ্ৰমোহন পাটোৱাৰী আহিবলৈ লাজ লাগিব লাগিছিল।’

কংগ্ৰেছী বিধায়ক গৰাকীৰ মতে, ২৪ঘন্টাৰ ভিতৰত অসম চৰকাৰৰ এজন মন্ত্ৰী বাঘজানৰ সেই নিৰ্দিষ্ট ঠাইলৈ যোৱা হেতেন ৰাইজৰ ৰোষত পৰিব লগীয়া নহ’ল হেতেন চন্দ্ৰ মোহন পাটোৱাৰী। লগতে অইল ইণ্ডিয়াৰ প্ৰতি অসম চৰকাৰৰ কিহৰ প্ৰেম বুলি প্ৰশ্ন কংগ্ৰেছী বিধায়ক গৰাকীৰ।

নেচনেল গ্ৰীণ ট্ৰিবিউনেলৰ ওচৰত কি কাৰণে এই ১৫দিনে চৰকাৰ কাষ চপা নাই বুলিও প্ৰশ্ন কৰে বিধায়ক কুৰ্মীয়ে। আনহাতে সাহায্য শিবিৰত থকা লোকক কেৱল ভাত দাইল নিমখেৰে খাবলৈ দিয়াৰো অভিযোগ বিধায়ক গৰাকীৰ।
First published: June 11, 2020, 9:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি