‘চাৰিওখন আসন নাপালে ৰাজনীতি এৰিম’ – কথা ৰাখিবনে ৰূপজ্যোতি কুৰ্মীয়ে?

আজি ঘোষণা হ’ল উপ–নিৰ্বাচনৰ ফলাফল। চাৰিটা সমষ্টিৰ ভিতৰত তিনিটাত বিজেপি আৰু এটা সমষ্টিত জয়লাভ কৰিলে এ আই ইউ ডি এফে। কংগ্ৰেছ শূন্য।

News18-Assam
Updated:October 24, 2019, 3:33 PM IST
‘চাৰিওখন আসন নাপালে ৰাজনীতি এৰিম’ – কথা ৰাখিবনে ৰূপজ্যোতি কুৰ্মীয়ে?
আজি ঘোষণা হ’ল উপ–নিৰ্বাচনৰ ফলাফল। চাৰিটা সমষ্টিৰ ভিতৰত তিনিটাত বিজেপি আৰু এটা সমষ্টিত জয়লাভ কৰিলে এ আই ইউ ডি এফে। কংগ্ৰেছ শূন্য।
News18-Assam
Updated: October 24, 2019, 3:33 PM IST
কিছুদিন পূৰ্বে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ঘোষণা কৰিছিল যে উপ–নিৰ্বাচনত অসমৰ চাৰিওটা সমষ্টিতে যদি কংগ্ৰেছে জয়লাভ নকৰে, তেন্তে তেওঁ ৰাজনীতি ত্যাগ কৰিব। আজি ঘোষণা হ’ল উপ–নিৰ্বাচনৰ ফলাফল। চাৰিটা সমষ্টিৰ ভিতৰত ইতিমধ্যে দুটাত জয়লাভ কৰিছে বিজেপিয়ে। সোণাৰি সমষ্টিতো জয় প্ৰায় নিশ্চিত। এটা সমষ্টিত জয়লাভ কৰিলে এ আই ইউ ডি এফে।

ৰঙাপৰা আৰু ৰাতাবাৰীত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে জনিয়াত জয়লাভ কৰিলে এ আই ডি এফ প্ৰাৰ্থীয়ে। ৰঙাপৰাত ৰাজেন বৰঠাকুৰ আৰু ৰাতাবাৰীত জয়লাভ কৰে বিজয় মালাকাৰে। জনিয়া সমষ্টিত জয়লাভ কৰে এআইইউডিএফ প্ৰাৰ্থী ৰফিকুল ইছলামে। সোণাৰিত নিশ্চিত জয়ৰ দিশে বিজেপিৰ নৱনীতা সন্দিকৈ। এতিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ মুখৰ কথা ৰাখি ৰাজনীতি ত্যাগ কৰিবনে নাই সেয়াহে লক্ষণীয় হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি