মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Rupjyoti Kurmi : সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে, এৰিলে বিধায়ক পদ

Rupjyoti Kurmi : সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে, এৰিলে বিধায়ক পদ

News18 Assam | News18-Assam
Updated:June 18, 2021, 11:12 AM IST
Rupjyoti Kurmi : সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে, এৰিলে বিধায়ক পদ
সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰূপজ্যোতি কুৰ্মীয়ে যোগদান কৰিব বিজেপিত।

সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰূপজ্যোতি কুৰ্মীয়ে যোগদান কৰিব বিজেপিত।

  • Share this:
সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়ক পদ ত্যাগ কৰি এই কথা ঘোষণা কৰিলে কুৰ্মীয়ে।

আজি বিধায়ক পদ ত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ইতিমধ্যে ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে কুৰ্মীয়ে।

সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰূপজ্যোতি কুৰ্মীয়ে যোগদান কৰিব বিজেপিত।

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে কুৰ্মীয়ে। APCCৰ সভাপতি ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে প্ৰদেশ কংগ্ৰেছক শেষ কৰিলে বুলি মন্তব্য কৰে কুৰ্মীয়ে। আন দুজন বিধায়কেও শীঘ্ৰে বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰে কুৰ্মীয়ে।
Published by: Sanjay Kumar Das
First published: June 18, 2021, 10:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি