‘‘ৰাজীৱ ভৱনত চূণ–তেল দি যজ্ঞ কৰিব লাগিছিল কংগ্ৰেছে। সেয়া নকৰি ভাৰত জোড়ো যাত্ৰা কৰি নিৰ্বাচনত জয়ী হ’ব নোৱাৰে। চৰকাৰ থাকোতে ৰে’ল সংযোগ, বিমান সংযোগে কৰিব নোৱাৰিলে কংগ্ৰেছে। নৰেন্দ্ৰ মোদী বহু ওপৰত, তেওঁক আৰু কোনেও চুব নোৱাৰে।’’ – এই মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ভূপেন বৰাই নিজৰ সমষ্টিত কাম কৰিব এৰি ধুবুৰীলৈ গৈছে। ধুবুৰীৰ পৰা নহয়, শদিয়াৰ পৰাহে আৰম্ভ হয় অসম, কংগ্ৰেছে ওলোটাকৈ আৰম্ভ কৰিছে।
ইফালে, মিঞা মিউজিয়াম সন্দৰ্ভত ৰূপজ্যোতি কয়, ‘‘মণিপুৰী নাঙলেৰে ময়ো হাল বাইছিলো সৰুতে। নাঙল অসমীয়াৰ, অসমীয়াৰ স্বাভিমান, মিঞাৰ নহয়। লাচিত বৰফুকনে অসমৰ পৰা মোগল খেদিছিল। অসমীয়া ভাষা মিঞাই জীয়াই ৰাখিব নালাগে, অসমীয়াই নিজে নিজকে ৰক্ষা কৰিব জানে। মিঞাই কিতানী-বালানী কয়, এইবোৰ অসমীয়া নেকি?’’
‘‘অসম মানে অসমীয়া, যিয়েই অসমীয়া বুলি গৰ্ব কৰিব তেওঁহে তিষ্টি থাকিব অন্যথা নহ’ব। মিঞাৰ নীলা, ৰঙা, সেউজীয়া ৰঙৰ লুঙী বাহিৰে আন কি আছে? মিঞাই অসমত বেছি পেক-পেকাই থাকি লাভ নাই।’’ – ক’লে ৰূপজ্যোতি কুৰ্মীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|