‘‘মৌলানা নহয়, ধুৰন্ধৰ মৌলানা বদৰুদ্দিন আজমল। অসমৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত নহয়, ১২ ঘণ্টাৰ ভিতৰত আজমলক বাহিৰ কৰি দিয়ক।’’ – এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। প্ৰথমে অসমৰ পৰা তাৰ পিছত মোদীৰ লগত কথা পাতি ভাৰতৰ পৰা বাহিৰ কৰি দিয়াৰ দাবী ৰূপজ্যোতি কুৰ্মীৰ।
ৰূপজ্যোতি কুৰ্মীয়ে কয়, শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগিব আজমলক। আমাৰ তেজ গৰম হোৱাৰ আগতে তেওঁক উলিয়াই পঠিয়াই লাগিব। মৌলানা মানেই নমস্য ব্যক্তি। তেওঁৰ মুখত এই শব্দ, মৌলানা নহয় ধুৰন্ধৰ, ভণ্ড তেওঁ।
উল্লেখযোগ্য যে এআইইউডিএফৰ মুৰব্বীগৰাকীয়ে মুখ্যমন্ত্ৰী তথা হিন্দুক লৈ তীব্ৰ আপত্তিজনক মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীক লাভ জেহাদ কৰিবলৈ আহ্বান জনাইছিল আজমলে। লগতে আন কেতবোৰ মন্তব্যও কৰিছিল আজমলে। যি মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|