মৰিয়নীত দুৰ্নীতি নিবাৰক শাখাই চলোৱা তদন্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বুধবাৰে দুৰ্নীতি নিবাৰক শাখাই মৰিয়নীত বিধায়ক পুঁজি ব্যৱহাৰত অনিয়মৰ অভিযোগ সন্দৰ্ভত চলাইছিল তদন্ত।
উল্লেখযোগ্য যে
২০১১ৰ পৰা ২০১৭ বৰ্ষলৈ বিধায়ক পুঁজিৰ ব্যৱহাৰত ব্যাপক অনিয়ম হোৱা বুলি ২০১৭ চনত এগৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰিয়নী আৰু যোৰহাট উপায়ুক্ত কাৰ্যালয়ত অনুসন্ধান চলাইছিল। কিন্তু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চতুৰ্থবাৰৰ বাবে কংগ্ৰেছী বিধায়কৰূপে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত জয়ী হোৱাৰ কেইমাহমান পাছতে বিজেপিত যোগদান কৰে। ইয়াৰ পিছতে বিধায়কগৰাকীৰ বিৰুদ্ধে চলা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্তও একপ্ৰকাৰ স্তব্ধ হৈ পৰে। কিন্তু বুধবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে মৰিয়নীত চলালে তদন্ত।এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘বিধায়ক পুঁজিৰ সন্দৰ্ভত তদন্ত ২০১১ৰ পৰায়েই কিয়? মই ২০০৬ চনৰ পৰা বিধায়ক হৈ আছো। ২০০৬ৰ পৰা তদন্ত কৰক। চাৰিজনীয়া কিয়, বিশজনীয়া তদন্ত কমিটী দিয়ক।’’
মই আৰু পাঁচবাৰ বিধায়ক হ’ম, মোক কোনেও ৰখাব নোৱাৰে বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|