ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ সোনোৱাল চাহ বাগিছাত দ্বি-শতাধিক শ্ৰমিক আৰু বিজেপি কৰ্মীক লৈ আয়োজন কৰে এখন জনসভা।
ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ সোনোৱাল চাহ বাগিছাত দ্বি-শতাধিক শ্ৰমিক আৰু বিজেপি কৰ্মীক লৈ আয়োজন কৰে এখন জনসভা।
কোৰোণা সংক্ৰমণৰ বাবে সমগ্ৰ যোৰহাট জিলাক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি ৰখা সময়তে চৰকাৰী নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দেওবাৰে ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাক লগত লৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
যি সময়ত ৰাজ্যৰ চাহ বাগিছাসমূহত আটছাকে ধৰি বিভিন্ন সংগঠনসমূহে কোভিড নিয়ন্ত্ৰণৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি অহাৰ সময়তে ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ সোণোৱাল চাহ বাগিছাত দ্বি-শতাধিক শ্ৰমিক আৰু বিজেপি কৰ্মীক লৈ আয়োজন কৰে এখন জনসভা। ৰূপজ্যোতি কুৰ্মীৰ সভাখনক লৈ আনকি বিপাঙত পৰে যোৰহাট জিলা প্ৰশাসনো।
সমাগত উপনিৰ্বাচনৰ বাবে সভা পাতি ব্যাপক জনসমাগমেৰে শক্তি মন্ত্ৰী বিমল বৰাক লৈ ৰূপজ্যোতি কুৰ্মীয়ে সভা আযোজন কৰাত মৰিয়নিৰ সাধাৰণ ৰাইজৰ লগতে সমষ্টিৰ গৰিষ্ঠসংখ্যক বিজেপি নেতা কৰ্মীৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ইফালে মৰিয়নিত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন চাহ বাগিচাত অনাদায় হৈ থকা বিদ্যুৎ বিল সম্পৰ্কত ৩২ খন চাহ বাগিচাৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে শক্তি মন্ত্ৰী বৰাই। প্ৰায় সকলো চাহ বাগিচাৰে একো একোজন শ্ৰমিকৰ নামত প্ৰায় লক্ষাধিক টকাকৈ পৰিশোধ কৰিবলৈ বাকী থকাৰ তথ্য পোহৰলৈ আহে এই সভাতে।
উলেখ্য যে, মৰিয়নিৰ কেৱল খেৰেমীয়া চাহ বাগিচাতে শ্ৰমিকে বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ বাকী আছে ২২ লাখ টকা। যিখিনি টকা এতিয়া শ্ৰমিকে পৰিশোধ কৰাটো সম্ভৱ নহয়। চাহ বাগিচাৰ শ্ৰমিক প্ৰতিনিধিৰ অভিযোগ শুনি মন্ত্ৰী বিমল বৰাই গ্ৰাহকৰ সন্মুখতে বিভাগীয় বিষয়াক কৈফিয়ৎ তলব কৰি সমস্যা সমাধানৰ নিৰ্দেশ দিয়ে। এ পি ডি চি এল'ৰ ভুলৰ বাবে শ্ৰমিকৰ পাহাৰ সম অনাদায় বিদ্যুৎ বিলৰ সুত কৰ্তন কৰি মাত্ৰ বিদ্যুৎ বিলৰ কিস্তি হিচাবত পৰিশোধ কৰাৰ সম্পৰ্কত শক্তি মন্ত্ৰীগৰাকীয়ে বিবেচনা কৰিব বুলি আশ্বাস দিয়ে। শক্তি মন্ত্ৰীৰ লগত থাকে এ পি ডি চি এল'ৰ মুখ্য বাণিজ্যিক প্ৰবন্ধক মনোৰঞ্জন কলিতা আৰু পুতুল ভাগৱতী, মুখ্য মহা প্ৰবন্ধক প্ৰদীপ বৰা, যোৰহাট সংমণ্ডলৰ প্ৰবন্ধক আবুনেচিম ফকৰুদ্দিন আৰু চি ই অ' মুকুট চন্দ্ৰ দাস।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|