উপ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। নিৰ্বাচন হ'বলগীয়া ৫টা সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে কংগ্ৰেছ-বিজেপিৰ লগতে ৰাইজৰ দলে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে থাওৰা আৰু মৰিয়নি সমষ্টিত দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ দিন ৰাতি একাকাৰ কৰিছে। বৃহস্পতিবাৰে অখিল গগৈয়ে মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
বৃহস্পতিবাৰে অখিল গগৈয়ে মৰিয়নিৰ গোমধৰ কোঁৱৰ ক্ষেত্ৰত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক। মন্ত্ৰী পীয়ুষ হাজৰিকাক ছিণ্ডিকেটৰ মাষ্টাৰ বুলি অভিহিত কৰাৰ লগতে ৰূপজ্যোতি কুৰ্মীক জকৰ আৰু তোলনি বিয়া খাই ফুৰা বিধায়ক আখ্যা দিয়ে অখিল গগৈয়ে।
আনহাতে অখিলক গগৈক প্ৰত্যুত্তৰ দি বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈয়ে মৰিয়নিত ঠগ বাজ কৰিবলৈ আহিছে বুলি কোৱা লগতে শিৱসাগৰৰ বিধায়ক হৈ বিধানসভাত চেঙা সমষ্টিৰ বাবেহে মাত মাতিলে বুলি কৈ হাঁহি ইতিকিং কৰে।এনেকৈ এতিয়া নেতাৰ মুখ চুপতি আৰু কথাৰ কটা কটিয়ে মৰিয়নিত উপনিৰ্বাচনৰ পৰিবেশ আকৰ্ষণীয় কৰি তুলিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|