যোৰহাট জিলাত এসপ্তাহৰ বাবে চৰকাৰে পুনৰ লকডাউন বৃদ্ধি কৰা সময়তে মৰিয়নিত ক'ভিড প্ৰ'টকলৰ সকলো নীতি–নিয়ম ভৰিৰে মোহাৰি মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বাগিচাই বাগিচাই নৃত্য কৰি ফুৰা দেখা গৈছে। মৰিয়নিত দেওবাৰে শক্তি মন্ত্ৰী বিমল বৰাক লৈ ৰূপজ্যোতি কুৰ্মীয়ে আয়োজন কৰিছিল এখন জনসভা। যি সময়ত যোৰহাট জিলাত ক'ৰোনা আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ বাবে জিলাখনক চৰকাৰে কনটেন্টমেন্ট জ'ন ৰূপে ৰাখিছে, তেনে সময়তে ৰাজহুৱা সভাৰ পিছত এইবাৰ ৰাজহুৱা স্থানত ঝুমুৰ নাচি, পথ সভা পাতি ক'ভিডৰ নীতি–নিয়ম ভৰিৰে মোহাৰি পেলোৱা দেখা গ'ল ন-বিজেপি ৰূপজ্যোতি কুৰ্মীক।
কিন্তু প্ৰাক্তন বিধায়কগৰাকীক বাধা দিয়াৰ সাহস হোৱা নাই যোৰহাট জিলা প্ৰশাসনৰ। অথচ ক'ভিডৰ বাবেই সৰ্বসাধাৰণে চৰকাৰী নিৰ্দেশ মানি ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লগা হৈছে। প্ৰাক্তন বিধায়কগৰাকীয়ে প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই বাৰে বাৰে ক'ভিড প্ৰ'টকল ভংগ কৰি অহাক লৈ আটছাৰ মৰিয়নি আঞ্চলিক সমিতিয়ে জিলা প্ৰশাসনলৈ প্ৰশ্ন উত্থাপন কৰিছে। "বিজেপিৰ নেতাই কৰিলে লীলা সৰ্বসাধাৰণ লোকে কৰিলে ধৰি বান্ধি কিলা" –এনে পক্ষপাতিত্বমূলক নীতি কিয় গ্ৰহণ কৰিছে যোৰহাট জিলা প্ৰশাসনে?
জিলা প্ৰশাসনৰ এনে আচৰণক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে আটছাই। উল্লেখ্য যে ক'ৰোনা সংক্ৰমণৰ ভয়াবহতাৰ বাবে যোৰহাট জিলাক চৰকাৰে কন্টেনমেন্ট জ'ন হিচাপে ঘোষণা কৰি ২৪ ঘন্টাই সান্ধ্য আইন জাৰি ৰাখিছে।
উল্লেখ্য, ৰূপজ্যোতি কুর্মীয়ে শাসকীয় বিজেপি দলৰ সহযোগত কেইদিনমান পূৰ্বে বাপুজী ষ্টেডিয়ামত এক বিশাল যোগদান সভা অনুষ্ঠিত কৰা লগতে দেওবাৰে সোণোৱাল চাহ বাগিচাৰ প্ৰেক্ষাগৃহত এক সভা অনুষ্ঠিত কৰি ক'ভিড প্ৰট'কল আৰু সান্ধ্য আইনক ভৰিৰে মোহাৰি নসাৎ কৰিছিল। ইয়াৰ পাছতো যোৰহাট জিলা প্ৰশাসনে চকু মুদা কুলিৰ ভাও লোৱা কাৰ্যক আটছাই তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|