মুখ্যপৃষ্ঠা »খবৰ »অসম »'পৰেশ বৰুৱা চাৰ আলোচনালৈ আহক'-প্ৰয়োজনত মধ্যস্থতাকাৰী হ'বলৈ সাজু বিধায়ক ৰূপজ্যোতি কুৰ্মী

'পৰেশ বৰুৱা চাৰ আলোচনালৈ আহক'-প্ৰয়োজনত মধ্যস্থতাকাৰী হ'বলৈ সাজু বিধায়ক ৰূপজ্যোতি কুৰ্মী

চতুৰ্থবাৰৰ বাবে মৰিয়নী সমষ্টিৰ পৰা বিধায়ক ৰূপে জয়ী হ'বলৈ সক্ষম হোৱা ৰূপজ্যোতি কুৰ্মী শান্তি আলোচনাৰ বাবে আলফাৰ মধ্যস্থতাকাৰী হ'বলৈ সাজু।

  • Share this:
চতুৰ্থবাৰৰ বাবে মৰিয়নী সমষ্টিৰ পৰা বিধায়ক ৰূপে জয়ী হ'বলৈ সক্ষম হোৱা ৰূপজ্যোতি কুৰ্মী শান্তি আলোচনাৰ বাবে আলফাৰ মধ্যস্থতাকাৰী হ'বলৈ সাজু। বুধবাৰে সংবাদমেল সম্ভোধন কৰি বিধায়কগৰাকীয়ে আলফাৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক অস্ত্ৰ সম্বৰণ কৰি শান্তি আলোচনালৈ আহিবলৈ আহ্বান জনায়।

ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত সশস্ত্ৰ পন্থাই কেতিয়াও সফলতা লাভ নকৰে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে অসমৰ বি  এল টিকে ধৰি বহু উগ্ৰপন্থী সংগঠনৰ সদস্যই সশস্ত্ৰ পন্থা ত্যাগ কৰি মন্ত্ৰী বিধায়ক হোৱা বুলি উল্লেখ কৰে।

এই সন্দৰ্ভত ৰূপজ্য়োতি কুৰ্মীয়ে কয় যে "আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মই চাৰ বুলি সম্বোধন কৰো। মই চাৰক আহ্বান জনাইছো, অসমৰ শান্তিৰ কথা চিন্তা কৰি আপুনি আলোচনালৈ আহক।মই এই ক্ষেত্ৰত সহযোগ কৰিবলৈ প্ৰস্তুত। যদি মধ্যস্থততাকাৰী ৰূপে মোক বিচাৰে মই মধ্যস্থতাকাৰী হ'বলৈ সাজু। সশস্ত্ৰ পন্থা ত্যাগ কৰি অসমৰ উন্নতিৰ স্বাৰ্থত আপুনি ৰাজনীতিলৈ আহক। ৰাজনীতিৰ যোগেদি অসমৰ উন্নতি কৰি আপোনাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ মই আহ্বান জনাইছো"।

শেহতীয়া বাতৰি