কংগ্ৰেছত থকাৰ সময়ত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপদেশ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গালি পৰাৰ কথা ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰাৰ পিছতে আজি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, " ৰূপজ্যোতি কুৰ্মী ভাটৌ নেকি? তেঁও যদি আনৰ কথা মতে সংবাদ মাধ্যমত কথা ক'ব লাগে তেনেহ'লে তেওঁ নেতাই নহয়।"
উল্লেখযোগ্য যে, প্ৰদ্যুৎ বৰদলৈয়ে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যক নস্যাৎ কৰি কয়, "মই তেওঁ কি বিবৃতি দিছে গম পোৱা নাই, কিন্তু এগৰাকী নেতা হৈ যদি তেওঁ আনৰ কথা মতে সংবাদ মাধ্যমত মন্তব্য কৰিব লাগে তেন্তে তেওঁৰ নেতা হোৱাৰ যোগ্যতাই নাই।"
উল্লেখ্য যে, যোৱা বছৰ প্ৰধানমন্ত্ৰী মোদীৰ জন্ম দিনাৰ দিনা তেতিয়াৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰী মোদীক মিছলীয়া আখ্যা দিছিল। কিন্তু বিজেপিত যোগদান কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ ৭১ সংখ্যক জন্মদিনৰ দিনা সেই মন্তব্য ৰূপজ্যোতি কুৰ্মীয়ে দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ আৰু ৰিপুণ বৰাৰ নিৰ্দেশত কোৱা বুলি মন্তব্য কৰাৰ লগতে সেই ভুলৰ বাবে নিজৰ গালত নিজে চৰো মাৰে। আৰু তাৰ পিছৰ পৰাই বিষয়টোৱ ব্যাপক চৰ্চা লাভ কৰি আছে।