• Home
  • »
  • News
  • »
  • assam
  • »
  • মই আত্মবিশ্বাসেৰে কৈছো, মই বহুত ভোটত জয়ী হ'ম, অখিল গগৈ জপিয়াই ফুৰা মাছ : ৰূপজ্যোতি কুৰ্মী

মই আত্মবিশ্বাসেৰে কৈছো, মই বহুত ভোটত জয়ী হ'ম, অখিল গগৈ জপিয়াই ফুৰা মাছ : ৰূপজ্যোতি কুৰ্মী

ৰূপজ্যোতি কুৰ্মীয়ে কয়, মই কংগ্ৰেছ এৰি বিজেপিলৈ অহাৰ সময়ত ৮০ শতাংশ কংগ্ৰেছ কৰ্মী বিজেপিলৈ আহিল। থাকি অহা ২০ শতাংশ কংগ্ৰেছ কৰ্মী বিজেপিলৈ আহিবলৈ অপেক্ষা কৰি আছে।

  • Share this:
"অহংকাৰভাৱে নহয়, আত্মবিশ্বাসেৰে কৈছো মই বহুত ভোটত জয়ী হ'ম।" – এই মন্তব্য বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ। মনোনয়ন পত্ৰ দাখিল কৰি ৰূপজ্যোতি কুৰ্মীয়ে উপ–নিৰ্বাচনত নিজৰ জয় নিশ্চিত বুলি দাবী কৰি এইদৰে মন্তব্য কৰে।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা আৰু বিজেপি চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহে ৰাইজক উপকৃত হোৱাৰ বাবে প্ৰতিটো নিৰ্বাচনত বিজেপিৰ জয় হৈছে। বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহে ৰাইজৰ মন জয় কৰিছে আৰু সেই দলৰ প্ৰাৰ্থীৰূপে মই নিৰ্বাচনত অৱৰ্তীন হৈছো আৰু অহংকাৰ কৰি কোৱা নাই, আত্মবিশ্বাসেৰে কৈছো মই বহুত ভোটত জয়ী হ'ম। মই ভৱাতকৈ অধিক ভোট লাভ কৰিম।" মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।

কংগ্ৰেছ দল আৰু প্ৰাৰ্থী লোহিত কোঁৱৰক সমালোচনা কৰি ৰূপজ্যোতিয়ে কয়, "মৰিয়নীৰ কংগ্ৰেছ দলৰ প্ৰতি অৱদান থকা বা সাংগঠনিক দিশত কাম কৰা কোনো লোকক প্ৰাৰ্থিত্ব দিয়া হ'লে মোৰ ভয় লাগিলহেঁতেন, কিন্তু কংগ্ৰেছ কৰ্মীয়ে চিনি নাপায় প্ৰাৰ্থীগৰাকীক। ময়ে পাহৰিলো প্ৰাৰ্থীগৰাকীৰ নাম!"

ৰূপজ্যোতি কুৰ্মীয়ে কয়, মই কংগ্ৰেছ এৰি বিজেপিলৈ অহাৰ সময়ত ৮০ শতাংশ কংগ্ৰেছ কৰ্মী বিজেপিলৈ আহিল। থাকি অহা ২০ শতাংশ কংগ্ৰেছ কৰ্মী বিজেপিলৈ আহিবলৈ অপেক্ষা কৰি আছে। ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সমালোচনা কৰি ৰাইজৰ দলক ৰাইজ আৰু দল সংগঠনে এৰিলে বুলি কোৱাৰ লগতে অখিল গগৈয়ে মাছৰ দৰে জপিয়াই ফুৰে বুলি মন্তব্য কৰে কুৰ্মীয়ে। তেওঁ কয়, ‘‘এইজনৰ কথা শুনি লাভ নাই, ৰাইজে ইতিমধ্যে বুজি উঠিছে। মৰিয়নীবাসীয়ে উন্নয়নৰ স্বাৰ্থত স্বতঃস্ফূৰ্তভাৱে বিজেপি দলক ভোট দিব।’’
Published by:Sanjay Kumar Das
First published: